শব্দ-সাঁকো ই-আলোচনী (প্ৰেম বিশেষ সংখ্যা)

আমি এটা নিৰ্দিষ্ট বিন্দুত সীমাবদ্ধ কৰিব খোজোঁ প্ৰেমক?প্ৰেমৰ জানোঁ নিৰ্দিষ্ট এক সংজ্ঞা থাকে?...প্ৰকৃততে এই প্ৰেম কি বাৰু?―জীয়াই থকাৰ এক তাড়না,কলিজাৰ নিভৃততম এক উপলব্ধি,স্বতঃস্ফূত ভাৱে নিগৰা এক অনুভৱ...!এই প্ৰেমেইটো জীয়াই ৰাখিছে আমাক!তেন্তে কিদৰে সীমাবদ্ধ কৰোঁ এই প্ৰেমক কেৱল এজন ল'ৰা বা এগৰাকী ছোৱালীৰ মাজত।...এই যে নদীখন দেখি নিজৰ মাজতেই বিলীন হৈ পৰিছোঁ, আকাশখনলৈ চাই চাই মনটো ভৰি আহিছে,ফুলপাহ দেখি সীমাহীন ভাললগাই চৌপাশ আৱৰি ধৰিছে,পাহাৰটো,গছজোপা, বেলিটো,জোনটো,তৰাটো―এই সকলোবোৰ সামৰি নিজকে পৃথিৱীৰ সকলোতকৈ সুখী মানুহ যেন অনুভৱ হৈছে!এইয়া জানো প্ৰেম নহয়?কলিজাৰ এই সূক্ষ্ম অনুভৱটোৱে সুখী কৰি তুলিছে ক্ষন্তেকৰ বাবে হ'লেও―এক আত্মসন্তুষ্টিয়ে বুৰাই পেলাইছে আমাক,অনুভৱবোৰে শব্দৰ ৰূপ লৈছে!আঁওৰাইছো হীৰুদাৰ কবিতা―“ভালপোৱা মোৰ মুঠিখোলা হাতৰ একাজলী বগা ঢকঢকীয়া আখৈ...” ইয়াতেই বিচাৰি পাইছোঁ প্ৰেমৰ সংজ্ঞা!

                       


শেষত শব্দ-সাঁকো ই-আলোচনীৰ তৰফৰ পৰা প্ৰতিজন সুহৃদয়ৰলৈ প্ৰেম দিৱসৰ শুভেচ্ছাৰে শব্দ-সাঁকোক পাঠক সমাজলৈ আগবঢ়াই দিলো।

তলৰ dawnload লিংকত ক্লিক কৰি সকলোৱে পঢ়ক আৰু পঢ়িবলৈ অসুবিধা পালে ৬০০০০৭০৫১৩ নম্বৰত যোগাযোগ কৰক।

                        Dawnload

আলোচনীখন পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব। লগতে আলোচনী খন সকলোৱে পঢ়িব পোৱাকৈ শ্বেয়াৰ কৰক।


                  Sabda-Saku E-Magazine

No comments: