সৃষ্টি আৰু ধ্বংস এই শব্দ দুটাৰ সঠিক মূল্যায়ন কৰিবৰ বাবে যেন উপযুক্ত হৈ পৰিছে বৰ্তমান সময়খিনি।সৃষ্টিও মানুহৰ লগতে জড়িত আৰু ধ্বংসও।কিন্তু মানৱ সমাজত সৃষ্টিৰ প্ৰাধান্য বেছি।সৃষ্টিৰ সমান্তৰাল ভাৱেই যে আমি আমাৰ ধুনীয়া পৃথিৱী খনক, আমাৰ প্ৰকৃতি খনক ধ্বংসৰ মুখলৈ ঠেলি নি আছোঁ সেই সম্পৰ্কে চিন্তা কৰিবলৈ আমাৰ সময়ৰ অভাৱ হৈছিল।ব্যস্ততাৰ ধামখুমীয়াত উটি ভাঁহি আমি ইমানেই ব্যক্তিকেন্দ্ৰিক হৈ পৰিছিলোঁ যে আমাৰ স্বাৰ্থ নথকা কোনোধৰণৰ কথাই আমাৰ জীৱনত প্ৰাধান্য নোপোৱা হৈ আহিছিল।ব্যক্তিগত লাভালাভৰ বাবে উপৰ্যুপৰি আমি আঘাত কৰিছিলোঁ আমাৰ পৃথিৱীখনৰ স্বাভিমান,আমাৰ গৌৰৱ আমাৰ প্ৰকৃতিখনক―।কিন্তু এতিয়া সময়ে যেন প্ৰকৃতিখনক সুযোগ দিছে মানুহৰ এই বৰ্বৰতাবোৰৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ।আজিৰ মানুহ সঁজাত বন্দী চৰাইৰ দৰে বন্দী হৈ ৰ'ব লগা হৈছে ,সেইয়াও কিন্তু মানৱসৃষ্ট এটি কাৰকৰ বাবেই।আঁতৰি ফুৰিব লগা হৈছে মানুহৰ সংস্পৰ্শৰ পৰা,গতানুগতিক জীৱনধাৰাৰ পৰা।কিন্তু তাৰ বিপৰীতে প্ৰকৃতিখন আজি সাজিছে ন সাজেৰে―ফুলিছে সোণাৰু,কৃষ্ণচূড়া,আজাৰ...সেউজীয়া চৌপাশত পখীৰ কাকলিত মুখৰিত আকাশ বতাহ―সিঁহত যেন এতিয়া মুক্ত।
প্ৰকৃতাৰ্থত এই কথাবোৰৰ আলোচনাৰ বাবে আমাৰ সময়ৰ অভাৱ হয়।কিন্তু এতিয়া চৌপাশৰ পৰিস্থিতিয়ে আমাক এই কথাবোৰ ভাবিবলৈ বাধ্য কৰাইছে।জীৱশ্ৰেষ্ঠ হিচাপে থকা আমাৰ উপাধিটোৰ প্ৰকৃত মূল্য আমি কোনোদিনে দিব পৰা নাই পৃথিৱীখনক।এজোপা গছ ৰুই,বিপৰীতে দহ জোপা গছ কাটি আমি আচলতে কিহৰ পৰিচয় দিওঁ?সেউজীয়া পাহাৰবোৰ উদং কৰি আমি কিহৰ পৰিচয় দিওঁ?ইমানেই স্বাৰ্থলোভী আমিবোৰ যে নিজৰ উশাহকণৰ কথাও চিন্তা কৰাৰ সময় নহয়,আৰু এতিয়া উশাহৰ টনাটনিত জীৱন ওলমি আছে পেণ্ডুলামৰ দৰে।এইবোৰ আচলতে এতিয়া আলোচনা কৰাৰ কথা নাছিল,ইয়াৰ আলোচনা হ'ব লাগিছিল বহু বছৰ আগতে।তেতিয়া অন্ততঃ সময়ে দিয়া এই প্ৰতিআঘাতৰ উত্তৰ আমাৰ হাতত হয়তো থাকিল হয়।
দায়িত্ব আমাৰেই আছিল পৃথিৱীখনক সুস্থ কৰি ৰখাৰ আৰু এতিয়াও এই দায়িত্ব আমাৰেই।আহকচোন পালন কৰোঁ আমাৰ এই দায়িত্ব, ভালে ৰাখোঁ আমাৰ প্ৰকৃতিখন―।
আহকচোন ভালে থাকোঁ সকলো―আপুনি ,মই আৰু আমাৰ পৃথিৱী খন।আলোচনীখনৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমাৰ whatsappনম্বৰত (6000070513) যোগাযোগ কৰক।
আলোচনীখন পঢ়িবলৈ তলৰ যিকোনো এটা Dawnload লিংকত ক্লিক কৰকঃ-
Link:1Dawnload
Link:2Dawnload
আলোচনীখন পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব লগতে পঢ়ি ভাল পালে আনকো পঢ়িবলৈ লিংকটো শ্বেয়াৰ কৰিব।
Sabda-Saku E-Magazine
No comments:
Post a Comment