ব'হাগ চিন্তাঃ
কৰবাত টেঙা ফুল ফুলিছে।বতাহত বিয়পি পৰা চিনাকি ফুৰফুৰীয়া গোন্ধটোৱে মনটোক উভতাই লৈ গৈছে অতীতৰ সেই দিনবোৰলৈ।চ'তৰ শেষৰ পৰা বিহু বিহু লগা সেই দিনবোৰ–যিবোৰ দিনত মোৰ অতীত শিপাই আছে বৰ গভীৰকৈ!...
“কৃষ্ণাইৰ মূৰৰে বকুলফুল এপাহি নিয়ৰ পাই মুকলি হ'ল ঐ...গোবিন্দাই ৰাম''
এনেদৰেই অসমীয়াৰ প্ৰাণত বিয়পে ব'হাগ।ব'হাগ–অসমীয়া জাতিৰ উশাহ,নতুন ৰঙৰ সঞ্চাৰ,আশাৰ ডাঙৰি। ডালৰ কপৌ, নাহৰ,কুলি-কেতেকীৰ মাতত জীপাল হয় ব'হাগী দুপৰীয়াবোৰ।মনেৰে ব'হাগক আদৰিবলৈ সাজু হয় প্ৰত্যেক জন অসমীয়া।ঢোল-পেপাৰ মাতত বুকু কঁপে চেনাই-চেনেহীৰ।প্ৰত্যকজোৰা হুঁচৰিৰ আশীষত ধন্য হয় অসমীৰ বুকু।
মনত পৰে আইতা-ককাৰ দিনৰ সেই ব'হাগলৈ!এতিয়া যেন সাধুকথা সেই সময়।চতৰ শেষৰ পৰাই এক বিৰাট আয়োজন চলিছিল আমাৰ মাজতো বাপতিসাহোন বিহুটিক আদৰিবলৈ।কাৰ ঘৰৰ ডালত কেইপাহি কপৌ ফুলিছে,কাৰ জেতুকাৰ ৰং বেছি গাঢ়কৈ ধৰিলে এইবোৰক লৈয়ে এক অঘোষিত প্ৰতিযোগিতা আমাৰ মাজত,য'ত আছিল প্ৰশান্তিৰ উশাহ।গৰু বিহুৰ আবেলিৰ পৰা জোৰা হুঁচৰি যোৰাত টকা হিচাপ কৰাৰ সলনি আছিল ফূৰ্তি,আনন্দ উল্লাস,গৃহস্থৰ মৰম আৰু আদৰ।ধনী-দুখীয়াৰ বিভেদ তাত নাছিল,আছিল একতাৰ এনাজৰীৰ ৰং।অৱশ্যে এইয়া আছিল আগৰ ব'হাগ!...
এতিয়াৰ ব'হাগৰ কথা বেলেগ হ'ল।এতিয়াৰ ব'হাগৰ হুঁচৰিৰ আশীষ লোৱাৰ সুযোগ নাপায় প্ৰত্যেক জন অসমীয়াই।কাৰণ মনৰ ধনী হ'লেও টকাৰ ধনী হ'ব নোৱাৰে সকলো।এতিয়াৰ ব'হাগী হুঁচৰিৰ আশীষ জোখা হয় টকাৰ পৰিমাণেৰে।এতিয়াৰ হুঁচৰিয়ে শুৱনি কৰে সেইখন চোতাল যি চোতালত নাচনিৰ ভৰি পিছলে মাৰ্বল পাথৰৰ ওপৰত।চোতালৰ দূবৰি বন আৰু এতিয়া ঢুলীয়া-নাচনীৰ ভৰিৰ খোজত নমৰে,কাৰন দূবৰিত নাথাকে টকাৰ সুৱাস,থাকে কেৱল কেচা মাটিৰ গোন্ধ।আৰু এই গোন্ধ এতিয়া আমাৰ অপৰিচিত।ব্যস্ত পৃথিৱীত টকাৰ গোন্ধ সকলোতকৈ শক্তিশালী!...
ভাবি নাপাওঁ প্ৰকৃততে এই বৈষম্যতাৰ অৰ্থ কি?আচলতে কি বিছাৰিছো আমি?এনেদৰে নিজেই নিজৰ ওচৰত হেৰাই গৈ থকা নাইনে?ব'হাগ আমাৰ উশাহ,ৰঙালী আমাৰ প্ৰাণ–আমাৰ অস্তিত্ব!এনেদৰে হ'লে থাকিবগৈনে এই অস্তিত্ব? টকাৰ জোখেৰে আমাৰ পৰম্পৰাক জুখিব পাৰিম জানো?যি সকলে পাঁচশ এহাজাৰ টকাৰ ওপৰত হুঁচৰিৰ শৰাইখন শুৱনি কৰিব নোৱাৰে তেওঁলোকৰ এই আশীষ লোৱাৰ অধিকাৰ নাই নেকি?আমাৰ ককা-আজোককাৰ দিনতটো এই বৈষম্য নাছিল!পৰিৱৰ্তনৰ সোঁতত বিলীন হৈ কিয় আমি পাহৰি পেলাইছোঁ আমাৰ অস্তিত্ব?নাই জানো আমাৰ একো কৰণীয়?এনেদৰেই হেৰুৱাই পেলাম নেকি আমি আমাক!
এনে পৰিস্থিতি হোৱাৰ আগতেই আহকচোন,কৃত্ৰিমতাৰ আৱৰণ ঠেলি এবাৰলৈ হ'লেও জুকিয়াই চাওঁ আমি এৰি অহা সেই সময়বোৰক ,যি সময়ে আজিও জীয়াই ৰাখিছে আমাক নিজস্বতাৰ ৰঙেৰে।আহকচোন,ব'হাগক এইবাৰ আকৌ বিচাৰি যাওঁ আমি এৰি অহা সেই প্ৰাচীন আলিটোৰ বঁকিয়াইদি!...
No comments:
Post a Comment