শব্দ-সাঁকো ই-আলোচনী (ষষ্ঠ সংখ্যা)

কেৱল এটা তাৰিখতে সীমাবদ্ধ নহ‌ওক কথাবোৰঃ

এটা নিৰ্দিষ্ট তাৰিখত আমি পালন কৰোঁ এটা এটা বিশেষ দিৱস।অসংখ্য শ্লগান,ভাষণ অথবা লিখনিৰে ভৰাই পেলাও আমাৰ চৌপাশ।কিন্তু বাস্তৱত কিমান সফল হ‌ওঁ আমি এটা নিৰ্দিষ্ট দিৱসৰ তাৎপৰ্য্য ৰক্ষা কৰাত?সফল হ‌ওঁ জানো আমি এই বিষয়ত?অৱশ্যে দোষনো কাক দিম এইবিষয়ত―দোষী আমি নিজেই নহয় জানো?―আহি আছে ১মে,আমি সকলোৱে এই দিনটোত পালন কৰিম বিশ্ব শ্ৰমিক দিৱস।দীঘলীয়া ভাষণ অথবা লিখনিৰে এই দিৱসৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে আলোচনা কৰিম।আৰু এইখিনিতে এক বৃহৎ প্ৰশ্নবোধক হৈ ৰৈ যাব কথাবোৰ!কাৰণ বাস্তৱ জীৱনত সম্পূৰ্ণ এক ওলোটা প্ৰতিচ্ছবি প্ৰতিফলিত হয় আমাৰ সমাজত।শ্ৰমিক দিৱসৰ দিনা প্ৰতিবাদ কৰিও কিন্তু আমাৰ ঘৰত যাৱতীয় কাম কেইটা কৰিবলৈ আমি বয়সত আমাতকৈ ডাঙৰ এজনক অথবা সৰু কণমানি এটাক সদায়েই ব্যৱহাৰ কৰিছোঁ।কোনোদিনে চেষ্টা কৰা নাই তেওঁলোকৰ প্ৰাপ্য সন্মানৰ কথা ভাবিবলৈ,অনুধাৱন কৰাৰ চেষ্টা কৰা নাই কোনোদিনে তেওঁলোকৰ মনোৱস্থা।মাত্ৰ ব্যৱহাৰ কৰিছোঁ নিজৰ স্বাৰ্থৰ বাবে।হোটেলত কাম কৰি থকা ১২ অথবা ১৫ বছৰীয়া কণমানিটোক কোনোদিন সম্বোধন কৰি পোৱা নাই ‛পোৱালি’ৰ ঠাইত অন্য নামেৰে।এনে পৰিপ্ৰেক্ষিতত এই দিৱসবোৰৰ তাৎপৰ্য্য ৰয় গৈ নে?


একেদৰেই পালন কৰোঁ ৮মাৰ্চ,আন্তৰ্জাতিক নাৰী দিৱস হিচাপে।অজস্ৰ শ্লগানৰ মাজত জ্বিলিকি পৰে এই দিৱসৰ উদ্দেশ্যে!কিন্তু বাস্তৱত এই দিৱসৰ কি মূল্য থাকে?কিমান দূৰ সফল হ‌ওঁ আমি এগৰাকী নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত?প্ৰত্যক বছৰে এই দিৱস উদযাপিত হোৱাৰ পিছতো কিয় বাৰে বাৰে এগৰাকী নাৰীয়ে ন্যায় বিচাৰি যুঁজ দিব লগা হয়?কিয় ওলমিব লগা হয় বিচাৰৰ তুলাচনীত?―সাম্প্ৰতিক সমাজত নাৰীক এক পণ্য সামগ্ৰী অথবা ভোগৰ আহিলা স্বৰূপে ব্যৱহাৰ কৰাৰ বিপৰীতে দিব পাৰিছোঁ নে আমি উচিত মৰ্য্যদা?শেহতীয়াকৈ সকলোৰে বুঁকু কঁপাই যোৱা চুমিলা ৰংহাংপিৰ ঘটনাই ইয়াৰ উদাহৰণ!প্ৰতিদিনেই আমাৰ সমাজৰ পৰা একোজনীকৈ চুমিলাই ন্যায় ৰ যুঁজত অৱতীৰ্ণ হ'ব লগীয়া হৈছে!―এনে পৰিপ্ৰেক্ষিতত এই দিৱসবোৰৰ আছে জানোঁ কিবা তাৎপৰ্য্য?


এনেধৰণৰ চিন্তাবোৰ সলনি হ‌ওক। দিৱসবোৰ কেৱল মাত্ৰ এদিনৰ কথা নহৈ,প্ৰতিদিনৰ হ‌ওক ―।

কুশলে থাকক পৃথিৱীখন।


প্ৰকাশ পালে ন-পুৰণি লেখকৰ লেখাৰে সমৃদ্ধ শব্দ-সাঁকো ই-আলোচনীৰ ষষ্ঠ সংখ্যাটো। আলোচনীখন নিজৰ লগতে আন দহজনকো পঢ়িবলৈ দিয়ক। পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব।। আলোচনীখন পঢ়িবলৈ তলৰ যিকোনো এটা Dawnload লিংকত ক্লিক কৰক।

Link:1Dawnload

Link:2Dawnload



Sabda-Saku E-Magazine


Form teok Jorhat-Assam


sabdasakuemagazine@gmail.com


Design:dadu moni borah official


Contact no: 6000070513





No comments: