শব্দ-সাঁকো ই-আলোচনী(অষ্টম সংখ্যা)

অন্ধবিশ্বাস আৰু আমাৰ সমাজঃ

সমাজ―একাধিক ব্যক্তিৰ সমষ্টি, সংগবদ্ধ এক অনুষ্ঠান।আমি প্ৰত্যকজন ব্যক্তিয়েই এই সমাজৰ একো একোজন অংশীদাৰ।আমাৰ কৰ্মসমূহৰ প্ৰভাৱ যিকোনো প্ৰকাৰেই সমাজৰ ওপৰত পৰে সেইয়া পৰোক্ষ হ‌ওক বা প্ৰত্যক্ষ।এই প্ৰভাৱ ধনাত্মকো হয় অথবা ঋণাত্মকো হয়।গতিকে সমাজৰে একো একোজন সদস্য হিচাপে আমাৰ সমাজখনক সৃষ্টিশীল কৰ্মৰাজিৰে এক সুশৃংখলিত আৰু সুস্থিৰ ৰূপত ভৱিষ্যতলৈ আগবঢ়াই নিয়াতো আমাৰ প্ৰত্যকৰে কৰ্তব্য।


এতিয়া কথাটো হ'ল আমি কিমান দায়বদ্ধ আমাৰ সমাজখনৰ প্ৰতি!বৰ্তমান একবিংশ শতিকা।শিক্ষা, দীক্ষা, মানসিক ,বৌদ্ধিক সকলো প্ৰকাৰৰ উত্তৰণেৰে আমি আগুৱাই গৈছো ভৱিষ্যত জীৱনলৈ।প্ৰতিদিনেই আগবাঢ়িছো বিজ্ঞানসন্মত কিছু কথাৰে ভৱিষ্যত গঢ়িবলৈ।কিন্তু এই সফলতা বৰ বেছি দূৰলৈ বিয়পোৱাত যেন আমি কোনোবাখিনিত ব্যৰ্থ হ‌ওঁ।মাজে-মাজে সংঘটিত হৈ যায় এনে কিছুমান ঘটনা যাৰ বাবে আমি ভাবিবলৈ বাধ্য হ‌ওঁ সচাকৈয়ে আমি একবিংশ শতিকাৰ যুগত বাস কৰিছোঁ নে আদিম যুগত!উদাহৰণ স্বৰূপে আমাৰ সমাজত বৰ গভীৰ ভাৱে শিপাই ৰোৱা এক প্ৰকাৰৰ সামাজিক ব্যাধি ডাইনী হত্যালৈ আমি আঙুলিয়াই দেখুৱাব পাৰোঁ।ডাইনী হত্যা এনে এক সামাজিক সমস্যা যাৰ কোনো যুক্তিযুক্ততা আমি কেতিয়াও বিচাৰি নাপাওঁ―আৰু ইয়াৰ যুক্তি বিচৰাটো মূৰ্খামিৰ বাদে অন্য একো নহয়।সামাজিক উন্নয়ণৰ দিশত ই এক মোক্ষম আঘাত।ইয়াৰ উপৰিও আমি বহুতো অপ্ৰাসংগিক বিশ্বাস আমাৰ সমাজত দেখিবলৈ পাওঁ যিবোৰ আমাৰ সমাজে মানি আহিছে পূৰ্বৰে পৰা,ইয়াৰে ভিতৰত নাৰীক লৈ চলি অহা অন্ধবিশ্বাস সমূহৰ ভিতৰত আমি উল্লেখ কৰিব পাৰোঁ যে ধৰ্মীয় গ্ৰন্থ সমূহৰ অধ্যয়নৰ ক্ষেত্ৰত নাৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল পূৰ্বৰ সমাজে,বৰ্তমান সময়তো কিছু কিছু অঞ্চলত এই ব্যৱস্থাৰ প্ৰচলন আছে যদিও,বহু অঞ্চলত এই ব্যৱস্থাৰ যতি পেলাবলৈ সমাজখন সফল হৈছে।ই আমাৰ বাবে এক বৃহৎ সফলতা।আনহাতেদি এনে কিছু অন্ধবিশ্বাসো আমি দেখিবলৈ পাওঁ যাৰ কোনোধৰণৰ বৈজ্ঞানিক যুক্তিযুক্ততা নাথাকে।বিশেষকৈ বলি-বিধান প্ৰসংগ, পূৰ্বৰ সমাজে মানি অহা বিধৱা বিবাহৰ প্ৰচলনৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা,সন্তানহীনা মহিলাৰ ক্ষেত্ৰত সমাজে পালন কৰা নীতি-নিয়ম সমূহৰ লগত সংগতি থকা কোনোধৰণৰ যুক্তি আমি বিচাৰিলেও নাপাওঁ।এইকেইটা কেইটামান সৰু উদাহৰণ মাত্ৰ,ইয়াৰোপৰিও এনে বহু অপ্ৰাসংগিক বিশ্বাস বা অন্ধবিশ্বাস আমাৰ সমাজত শিপাই আছে যাৰ এক বহল আলোচনাৰ প্ৰয়োজনীয়তা আছে।


এনেধৰণৰ ব্যৱস্থা বা বিশ্বাস সমূহে সমাজ এখনৰ উন্নয়ণৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপে থিয় দিয়ে।এই হেঙাৰবোৰ উফৰাই প্ৰত্যকটো ‛নেপাই’ শব্দৰ আঁৰত যদি কিছু বৈজ্ঞানিক যুক্তি অথবা প্ৰাসংগিকতা আছে নেকি বুজ লৈ ,সেই বিষয়সমূহক আলোচনাৰ বাবে বাচনি কৰি লৈ সমাজৰ উন্নীতকৰণৰ বাবে প্ৰচেষ্টা চলাও তেন্তে নিশ্চয়কৈ আমি নিজকে একবিংশ শতিকাৰ নতুন পুৰুষ ৰূপে থিয় কৰোৱাত সফল হ'ম অন্যথা আমাৰ সমাজত এই ব্যাধিসমূহ দূৰীকৰণৰ অন্য উপাই বিচাৰি পোৱাটো জটিল।


আলোচনীখন পঢ়িবলৈ তলৰ Dawnload লিংকত ক্লিক কৰকঃ-






আলোচনীখন পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব লগতে পঢ়ি ভাল পালে আনকো পঢ়িবলৈ লিংকটো শ্বেয়াৰ কৰিব। আলোচনীখনৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমাৰ whatsapp নম্বৰত যোগাযোগ কৰিব পাৰে ৬০০০০৭০৫১৩।




No comments: