শব্দ-সাঁকো(নৱম সংখ্যা)

 “এই দেশ আপোনাৰ দেশ,এই দেশ মোৰ দেশ,

এই দেশ আমাৰ দেশ

আহক উদযাপন কৰো আমাৰ স্বাধীনতা।

স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে…”

ব্ৰিটিছ শাসনৰ পৰাধীনতাৰ শিকলিডাল খুলি ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমি পোন প্ৰথমবাৰৰ বাবে স্বাধীনতা শব্দটোৰ লগত চিনাকি হ'লো। স্বাধীন এজাক উশাহৰ সন্ধানত আমি আগুৱালো―কিন্তু কিমান দূৰলৈ? সাতচল্লিছ চনৰ সেই স্বাধীনতা শব্দটোৰ লগত আজিৰ স্বাধীনতা শব্দটোৰ তুলনা হয় নে?―মুকলি আকাশৰ তলত ৰাষ্ট্ৰীয় পতাকাখন উৰুৱাবলৈ আমাৰ মনবোৰ মুক্ত নহয়। অনবৰতে ভয়,শংকাই চেঁপি ৰখা মনবোৰ স্বাধীন বুলি কেনেকৈ ক‌ওঁ?চৌপাশৰ হত্যা,হিংসা,লুণ্ঠন,ধৰ্ষণ এইবোৰৰ মাজত স্বাধীনতা যেন উপেক্ষিত। মুক্ত মনেৰে আজিৰ মানুহে ওলাই যাবলৈ ভয় কৰে কাৰণ উভতি অহাৰ বাট কেতিয়া ৰুদ্ধ হ'ব কোনেও ক'ব নোৱাৰে।―এইয়া জানো স্বাধীনতাৰ সংজ্ঞা। মুকলি আকাশৰ তলত মুক্ত মনেৰে উশাহ ল'ব নোৱাৰা সাধাৰণ জনগনৰ মনত স্বাধীনতা শব্দটো উপেক্ষিত হোৱাটো স্বাভাৱিক।থিকেই,ব্ৰিটিছৰ শাসনৰ পৰা আমি মুক্ত হ'লো,কিন্তু আমাৰ নিজৰ মাজতে আমি সৃষ্টি কৰি লোৱা পৰাধীনতাৰ শিকলি ডাল কোনে খুলিব?হিংসা,বিদ্বেষ,হত্যা,ধৰ্ষণ,সন্ত্ৰাসৰ অদৃশ্য মেৰপাশত আজিৰ স্বাধীনতা আবদ্ধ।সেই মেৰপাশ খোলাৰ সাহস আজি ৭৫ বছৰৰ পিছতো সম্ভৱ হোৱা নাই!এনে পৰিস্থিতিত স্বাভাৱিকতে এটাই প্ৰশ্ন মনলৈ আহে―আমি সঁচাকৈয়ে স্বাধীন নে!!


আলোচনীখন পঢ়িবলৈ তলৰ ➡️ Dawnload লিংকত ক্লিক কৰকঃ-



শব্দ-সাঁকোৰ নৱম সংখ্যাটো পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাঁহৰিব লগতে আন দহজনকো পঢ়িবলৈ আলোচনীখনৰ লিংকটো ভাগ-বতৰা কৰি দিব।
আলোচনীখনৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমাৰ স'তে ৬০০০০৭০৫১৩ নম্বৰত যোগাযোগ কৰক।

No comments: