শব্দ-সাঁকো ই-আলোচনী (দশম সংখ্যা)

শিক্ষক দিৱসঃ এটা নিৰ্দিষ্ট তাৰিখতে সীমাবদ্ধ নহ‌ওক কথাবোৰ―


ডঃ এ পি জে আব্দুল কালামে তেওঁৰ ‛India 2020:A Vision Of The New Millennium গ্ৰন্থত লিখিছিল’― "এগৰাকী শিক্ষক হিচাপে আপোনাৰ যিমানখিনি ক্ষমতা আছে,সেই ক্ষমতাৰে আপুনি ভৱিষ্যত প্ৰজন্ম গঢ় দিয়াৰ ক্ষেত্ৰত  সমাজৰ অন্য এজনতকৈ বিশেষ ভূমিকাৰে অৱতীৰ্ণ হʼব লাগিব।”

হয়,এখন সমাজক সুস্থ ৰূপে পৰিচালিত কৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু বিশেষ ভূমিকা গ্ৰহণ কৰে শিক্ষাগুৰু সকলে।উপযুক্ত শিক্ষাৰ অবিহনে এগৰাকী ব্যক্তিৰ সৰ্বতোপ্ৰকাৰৰ উত্তৰণ অসম্ভৱ,কেৱল মাত্ৰ শিক্ষা আৰু এই শিক্ষাৰ ব্যৱহাৰৰ ভিত্তিতহে এখন সমাজৰ সঠিক মূল্যায়ন সম্ভৱ হয়।―শৰীৰ আৰু আত্মাৰ পৰিপূৰ্ণ বিকাশ অথবা উন্নতিৰ বাবে যি ধৰনৰ ব্যৱস্থাৰে মানৱ জীৱন আগবাঢ়ে,সেই ব্যৱস্থাটোয়েই হ'ল শিক্ষা ব্যৱস্থা।অৰ্থাৎ এই শিক্ষা ব্যৱস্থাৰ প্ৰধান দায়িত্ব আৰু কৰ্তব্য হৈছে এজন ব্যক্তিক সকলো দিশৰে পৰা যেনে― জ্ঞান, বুদ্ধি,নৈতিক,মৌলিক ইত্যাদি দক্ষতাৰে পৰিপূৰ্ণ কৰি তোলা।এতিয়া কথাটো হ'ল যে এই শিক্ষা ব্যৱস্থাৰ মাজেৰে আগবাঢ়ি যোৱাত সকলোতকৈ গুৰুত্বপূৰ্ণ অংশ কাৰ থাকে?কোনে আমাক এই প্ৰক্ৰিয়াৰ সকলোতকৈ শেষ স্তৰত আহি থিয় হোৱাত সহায় কৰে? ―আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলে নহয় জানোঁ?শিক্ষকসকলৰ অবিহনে শিক্ষা ব্যৱস্থাৰ গুৰুত্ব শূন্য।এজন শিশুক সৰ্বাংগীন বিকাশ প্ৰক্ৰিয়াৰ মাজেৰে আনি জীৱনৰ বাটত এজন মানুহ হিচাপে গঢ় দিয়াৰ দায়িত্ব শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলে পালন কৰে।সেইবাবেই কোৱা হয় এগৰাকী শিক্ষাৰ্থীৰ জীৱনৰ বাবে আটাইতকৈ প্ৰয়োজনীয় হৈছে এজন শিক্ষাগুৰুৰ সান্নিধ্য।এজন শিক্ষকৰ তত্বাৱধানতহে এটা জীৱনৰ সৰ্বাংগীন বিকাশৰ কথা ভাবিব পাৰি।প্লেটোৱে কৈছিল―শৰীৰ আৰু আত্মাৰ পৰিপূৰ্ণ বিকাশ অথবা উন্নতিৰ বাবে যি ধৰনৰ ব্যৱস্থাৰে মানৱ জীৱন আগবাঢ়ে,সেই ব্যৱস্থাটোয়েই হ'ল শিক্ষা ব্যৱস্থা।আৰু এই ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আমাৰ শিক্ষাগুৰু সকলে।এজন শিক্ষকৰ অবিহনে এজন শিক্ষাৰ্থী অসম্পূৰ্ণ।এই কথাৰ উদাহৰণ আমি মহাভাৰতৰ যুগতেই পাইছোঁ।একলব্য আৰু দ্ৰোণাচাৰ্যৰ কাহিনীয়েই এই কথাৰ আভাস আমাক দি গৈছে।তেতিয়াৰ পৰাই আমি অনুধাৱন কৰিব পৰা হৈছোঁ এজন শিক্ষাগুৰুৰ সান্নিধ্যৰ কেনেদৰে প্ৰয়োজন হয় আমাৰ জীৱনত।

      মনত পৰে প্ৰাথমিক বিদ্যালয়ৰ সেই দিনবোৰলৈ।শিক্ষাগুৰু সকলৰ এচাৰিৰ নাচত দুচকুত উজ্বলি উঠা সপোনবোৰলৈ।ভয় ,আশংকাৰ মাজতো ভৱিষ্যত গঢ়াৰ বাবে দায়বদ্ধ হ'বলৈ শিকোৱা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ সেই উপদেশ, সেই পৰামৰ্শৰ আধাৰতহে আজিৰ আমাৰ এই জীৱন সম্ভৱ হৈছে।শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকলৰ সেই ছবি মনলৈ আহিলে এতিয়াও আমাৰ মূৰ দো খাই।কিন্তু সাম্প্ৰতিক সময়ত যেন অকণমান ওলোটা হৈছে এই ছবি।সময়ৰ তাগিদাত আজিৰ ছাত্র সমাজৰ মাজত শিক্ষাগুৰুসকলৰ প্ৰাপ্য সন্মান খিনি দিবলৈও যেন সময় নোহোৱা হৈছে।অৱশ্যে সকলোৰে ক্ষেত্ৰত এনে নহয়।আজিও বহু সংখ্যক শিক্ষাৰ্থী আছে যি সকলৰ জীৱনৰ আধাৰ হৈছে শিক্ষাগুৰু সকলে আগবঢ়োৱা আদৰ্শ আৰু উপদেশ।কেৱল মাত্ৰ এটা নিৰ্দিষ্ট তাৰিখতে শেষ কৰিছোঁ আমি আমাৰ দায়িত্ব।প্ৰতিবছৰেই আমি পালন কৰিছোঁ শিক্ষক দিৱস,কিন্তু কিমানদূৰ ফলপ্ৰসূ হৈছে এই শিক্ষক দিৱসৰ মহত্ত্ব।এটা নিৰ্দিষ্ট তাৰিখতে সীমাবদ্ধ নহ‌ওক এনেধৰণৰ বিষয়বোৰৰ।কথাবোৰৰ আলোচনা হ‌ওক,শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্যৰ আদৰ্শেৰে সমাজ পৰিচালিত হ‌ওক।এইয়াই আমাৰ কাম্য।

            মহান দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল “শিক্ষক সকল সমাজৰ এক শ্বাশ্বত প্ৰয়োজন।তেওঁলোকে বৌদ্ধিক,সাংস্কৃতিক আৰু প্ৰযুক্তিগত কৌশল এটা প্ৰজন্মৰ পৰা আন এটালৈ সংবহন কৰি সভ্যতাৰ চাকিগছি জ্বলাই ৰাখে।”―সঁচা অৰ্থত এজন শিক্ষকৰ অবিহনে এখন সুস্থ সমাজৰ আশা কৰাটোও সম্ভৱ নহয়।প্ৰজন্মৰ পৰা প্ৰজন্মলৈ শিক্ষাৰ চাকিগছি জ্বলোৱাৰ দায়িত্ব এজন শিক্ষকৰ হাততে ন্যস্ত থাকে―“এটি আৰণ্যক পুৱাৰ কৰণিত

ওম অসতো মা সত গময়ঃ―” বুলি মূৰ পাতি লোৱা এই দায়িত্ব যুগান্তৰলৈ শেষ নহ‌ওক,অন্ধকাৰ নাশি প্ৰজ্বলিত হৈ ৰ‌ওক শিক্ষাৰ দীপ্ত জ্যোতি।



আলোচনীখন পঢ়িবলৈ তলৰ ➡️ Dawnload লিংকত ক্লিক কৰকঃ-




শব্দ-সাঁকোৰ দশম সংখ্যাটো পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাঁহৰিব লগতে আন দহজনকো পঢ়িবলৈ আলোচনীখনৰ লিংকটো ভাগ-বতৰা কৰি দিব।

আলোচনীখনৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমাৰ স'তে ৬০০০০৭০৫১৩ নম্বৰত যোগাযোগ কৰক।

No comments: