অপৰাহ্নত জীৱনৰ ৰংঃ
কেৱল অপ্ৰাপ্তি কিয়? আহক,আজি প্ৰাপ্তিৰ হিচাপ কৰোঁ―|মেলি দিওঁ অদূৰলৈ সুখৰ পানচৈ খনি,
শীতে সেমেকোৱা পুৱা এটিৰ এলেহুৱা কুণ্ডলীবোৰৰ মাজে মাজে উৰুৱাই দিওঁ দুচকুত লুকুৱাই ৰখা দুখৰ হুমুনিয়াহটো―|
আহক আজি সংজ্ঞা লিখোঁ জীৱনৰ!আজি সংজ্ঞা লিখোঁ সুখৰ!দুহাতত হাত থৈ সুমথিৰাৰঙী এটি কণমানি সপোনৰ আঁত ধৰি বাকি দিওঁ এপিয়লা জীৱন এটি ৰৌদ্ৰস্নাত কলিজাৰ উষ্ণ আবেশত!
এই যে কপালত বেলি অঁকা এটি তেজাল পুৱাৰ হেঁপাহত দুচকু মুদ খাই আহে,আহক সেই হেঁপাহবোৰৰ হিচাপ কৰোঁ―উশাহৰ আবেশত সুমুৱাই লৈ সেই কণমানি হেঁপাহটোক আলফুলে ডাঙৰ কৰোঁ...সি হৈ উঠক জীয়াই থকাৰ সকাহ!
আহকচোন আলফুলে বুকুত সাঁচো এখনি সেউজীয়া অৰণ্যৰ এটি সাধু|এই ছাঁতেই জীৰাওক হাজাৰটা ৰংহীনতাৰ হুমুনিয়াহ!..
আহক জীৱনৰ এই নিচাত আমি ডুব যাওঁ, মাতাল হওঁ,জী উঠো!...বুকুত ৰুই লোৱা এই নিচাটোৰ ঠাল ঠেঙুলিবোৰ বাঢ়িবলৈ দিওঁ,এজোপা গছ হ'বলৈ দিওঁ―!সেই গছৰ ছাঁত জীৰাবলৈ দিওঁ আৰু কেইটামান নিচাসক্ত জীৱনক|
কলিজাত সী লওঁ আহক বেবেৰিবাং কিছু কথাৰে এটি গধূৰ দুপৰীয়া|আপুনি হৈ উঠক কোনোবা স্বপ্নাতুৰ দেশৰ মানুহ,সেই স্বপ্নৰ আৱেশত জী উঠক এটি ৰিক্ত কলিজাৰ এটি আধালিখা কবিতা!...
আহক জীৱন আঁকো সুখৰ ৰঙেৰে
চৌপাশত সিঁচি দিওঁ সেই ৰঙৰ ফুল!
উজ্বলি উঠক সিঁহত―
জুই হৈ,তৰা হৈ,নৈ হৈ,এজাক সেউজীয়া বৰষুণ হৈ―।
শুভাষা নতুনৰ।
প্ৰকাশ পালে অসমীয়া ফ্লিপিং আলোচনী শব্দ-সাঁকোৰ নৱবৰ্ষৰ প্ৰথম সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-
আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।
No comments:
Post a Comment