শীতৰ ওৰনি ঠেলি প্ৰকৃতিৰ বুকুলৈ ফাগুন আহে।গধূৰ দুপৰীয়াবোৰৰ বুকুত সৰাপাতৰ সুৰ তুলি ফাগুন সোমাই আহে বুকুৰ কোঠালিলৈ সংগোপনে।ফাগুনে যেন মায়া জানে ―উন্মাদ বুকুবোৰত ৰঙাবোৰ সিঁচি দি ফাগুন হৈ পৰে মায়াৰ আকৰ!হেঁপাহ সিঁচে নতুনৰ―সৰাপাতত লিখে বসন্তৰ ঠিকনা!
ফাগুনে প্ৰেম চটিয়াই―লঠঙা ডালত ফুলি ৰোৱা শিমলুপাহিত বহুতেই বিচাৰি পায় তেজৰঙা এমুঠি আশাৰ টোপোলা,মদাৰ পাহিৰ বিষাদগাঁঠা সামৰি বহুতেই লিখি পেলাই বুকুৰ বেথা!প্ৰেমিক বুকুবোৰ উপচি পৰে কবিতা কবিতা লগা কথাবোৰেৰে।পাৰ ভাঙি বৈ আহে শব্দৰ নিজৰা।অৱশ্যেই এক ভাললগা কথা―মানুহে আজিকালি কবিতা ভাল পায়,নৱপ্ৰজন্মৰ বহুতেই এতিয়া কবিতা লিখে,শব্দ সজায়―ফেচবুকৰ ৱালবোৰত এতিয়া ফাগুনৰ অৱগুন্ঠন!
সঁচা অৰ্থত চৰ্চাই সৃষ্টিৰ মূল।প্ৰতিটো সৃষ্টিয়েই বহুদিনীয়া চৰ্চাৰ এটি এটি ফল।আৰু এতিয়াৰ প্ৰজন্মই যদি ভাষাৰ চৰ্চা কৰে,শব্দৰ চৰ্চা কৰে,অনুভৱৰ চৰ্চা কৰে তেন্তে অতিকে ভাললগা কথা এইয়া।আৰু এইক্ষেত্ৰত সৰ্বপ্ৰথমেই ধন্যবাদৰ যোগ্য আমাৰ প্ৰকৃতিখন―আমাৰ চৌপাশৰ পৰিৱেশ,প্ৰতিটো ঋতু,প্ৰতিটো মাহ―কাৰণ এই প্ৰকৃতিৰ বুকুতেই আমি বিচাৰি পাওঁ আমাৰ সৃষ্টিৰ মূল উপজীব্য।প্ৰকৃতিৰ লগত অতীতৰে পৰা চলি অহা আমাৰ এই সংযোগৰ পৰিৱৰ্তন হোৱা নাই এতিয়াও।নৱকান্ত বৰুৱা দেৱৰ সেই বিখ্যাত কবিতা–“মোকতো পোৱাই চিনি মই যে ফাগুন,
অঁকৰা কবিৰ সৈতে চুপতি মৰাৰ বাবে
মোৰতো বহুত বদনাম...” (‛চকুপানী ফাগুনৰ’)
আওঁৰায়েই আমিও লিখিছোঁ ফাগুনৰ নতুন কবিতা!সজাইছো শব্দৰ সঁফুৰা!এনেদৰেই শব্দৰ পৃথিৱীখন বিশাল হৈ পৰক,চৰ্চা হওক নতুন কথাবোৰৰ,সংযোজন হওক নতুন বতৰাবোৰৰ...সেউজীয়া হৈ থাকক প্ৰতিজন মানুহ|
শেষত ফাগুনৰ সম্ভাষণ জনাই শব্দ-সাঁকোক পাঠক সমাজলৈ আগবঢ়াই দিলো।
আলোচনীখন পঢ়িবলৈ তলৰ dawnload লিংকত ক্লিক কৰি সকলোৱে পঢ়ক আৰু পঢ়িবলৈ অসুবিধা পালে ৬০০০০৭০৫১৩ নম্বৰত যোগাযোগ কৰক।
আলোচনীখন পঢ়ি কেনে পালে জনাবলৈ নাপাহৰিব লগতে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰিব।
Sabda-Saku E-Magazine
5 comments:
Veery good
মবাইলতে কিতাপ মেলি কিতাপ পঢ়িব পাৰিছোঁ, এখন ব্যতিক্ৰমী মবাইল কিতাপ, সঁচাকৈ তামাম মজা লাগিল, লিখনি সকলোবোৰ পঢ়া নাই পঢ়িম হে এতিয়া....😍
নামটো অহা নাই বাবে লিখি দিলোঁ, মই পংকজ....
ধন্যবাদ বহুতো ❤️
ধন্যবাদ বহুতো আপোনাক ❤️
Post a Comment