জন্ম মানেই মৃত্যু,এক চিৰন্তন সত্য। এই মৃত্যুৰ স'তে আলিংগন কৰা নিৰৱ ঘাটক বিধেই হ'ল ধঁপাত।
বৰ্তমান সমাজত দুই ধৰণৰ ধপাঁত উপলব্ধ, ধোঁৱা বিহীন আৰু ধোঁৱা যুক্ত। ধপাঁতত চাৰি হাজাৰতকৈয়ো বেছি অধিক ৰাসায়নিক পদাৰ্থ মিশ্ৰিত কৰা হয়। তাৰে ভিতৰত ৪৩৮ বিধ কৰ্কট ৰোগৰ কাৰক। পুৰুষ মহিলা উভয়ে পৰোক্ষ আৰু প্ৰত্যক্ষ ধঁপাত সেৱনৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। আপুনি হয়তো অজ্ঞাত এটা চিগাৰেটৰ ধোঁৱাই মানুহৰ ১৪ মিনিট আয়ুস হ্ৰাস কৰে।
পৰোক্ষ ধঁপাত সেৱনে এমফিচিমা, হৃদৰোগ,প্ৰজনন জনিত সমস্যা,হাঁপানী আদি ৰোগৰ সৃষ্টি কৰে। ক'লা চাদা, গুটখা,জৰ্দা,খৈনী আদিবোৰ হ'ল ধোঁৱা বিহীন ধঁপাত। এনেবোৰে মুখগহ্বৰৰ জিভা,দাঁতৰ আলু,ডিঙি আদিত কৰ্কট ৰোগ সৃষ্টি কৰে।
আচলতে ধঁপাতৰ প্ৰতি মানুহ কিয় আসক্ত? কিয়নো ধঁপাতত নিক'টিন নামৰ এবিধ ৰাসায়নিক পদাৰ্থ মিহলোৱা হয় সেয়ে সহজে ধঁপাত ত্যাগ কৰিব নোৱাৰি। মনৰ তৃপ্তিৰ কাৰণে ব্যৱহাৰ কৰা ধঁপাতে বৰ্তমানৰ পৰা ভৱিষ্যতৰলৈকে এক ভয়াবহতা মাতি আনিছে। এই ভয়াবহতা ৰোধ কৰিবলৈ আমি নিজকে সাজাগ কৰিবৰ হ'ল। নহলেনো আপুনি মই কিদৰে সহ্য কৰিম আপোনবোৰৰ ধঁপাতৰ ফলত মৃত্যুৰ যন্ত্ৰণা।
আপুনিও যদি ধঁপাত ত্যাগ কৰিব পাৰে, মানসিক আৰু শাৰীৰিক ভাৱে অধিক শক্তিশালী হৈ পৰিব।
এই ক্ষেত্ৰত প্ৰথমে দৃঢ় আৰু প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। ধঁপাত সেৱনত ব্যৱহৃত সকলো সামগ্ৰী ত্যাগ কৰিব লাগিব। সঘনাই যি ঠাইত গ'লে ধঁপাত সেৱনৰ ঈপ্সা জাগে সেই ঠাই ত্যাগ কৰিব লাগিব। ইয়াৰ পিছতো যদি ধঁপাত সেৱনৰ ঈপ্সা জাগে তেতিয়া বিভিন্ন কামত মনোনিবেশ ঘটাব লাগে। এনেদৰেই লাহে লাহে ধঁপাতৰ পৰা মুক্তি পাব পাৰি। মানুহ জীৱন কচুপাতৰ পানী, গতিকে জীৱনৰ সময় বোৰ ধঁপাতৰ লগত বলি হ'বলৈ নিদি আঁহকচোন এখন সুস্থ সৱল ধঁপাত মুক্ত নিকা সমাজ গঢ়াত প্ৰতিজন ব্যক্তি অংগীকাৰবদ্ধ হওঁ।
আলোচনীখনৰ বিষয়ে সবিশেষ জানিবৰ বাবে ৬০০০০৭০৫১৩ নম্বত যোগাযোগ কৰক।
আৰু আলোচনীখন পঢ়িবলৈ তলৰ Dawnload লিংকত ক্লিক কৰক।
আলোচনীখন পঢ়ি কেনে পালে আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।
Sabda-Saku E-Magazine
3 comments:
এটা সুন্দৰ পদক্ষেপ।
সুন্দৰ পদক্ষেপ ৷
Post a Comment