তেজ নহয় কেৱল ফুল চটিয়াওকঃ
সময়ৰ অবিৰাম গতিত আমিবোৰ একবিংশ শতিকাত।আধুনিকতাৰ প্ৰভাৱত, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বলত দেশে চন্দ্ৰৰ বুকুলৈকে উৰা মাৰিছে।তেনে স্থলত আমিবোৰ ক'ত?
দেশ এখন চলাবলৈ যিদৰে সংবিধানৰ প্ৰয়োজন।সেইদৰেই সমাজৰ ধৰ্মীয় অনুষ্ঠান সমূহো ৰীতি-নীতিৰেই চলোৱা হয়।কিন্তু, আজি যেন ধৰ্মৰ নামত অধৰ্মইহে চৌপাশ গ্ৰাস কৰিবলৈ ধৰিছে।
এতিয়া শৰতৰ বতৰ,দেৱী দূৰ্গাৰ আৱাহনী সুৰত জীপাল পৃথিৱী।চাৰিওফালে এক আনন্দময়,উৎসৱমুখৰ পৰিৱেশ।প্ৰকৃতিৰ এই ন ৰূপৰ আভাত বিভোৰ হৈ কবিৰ কাপেদি নিগৰি আহে অসংখ্য শব্দৰ গুঞ্জণ।সমান্তৰাল ভাৱে দেৱীৰ মণ্ডপবোৰতো যেন ভাঁহি উঠে সৰগৰ অমিয়া সুৰ।
এই দূৰ্গা শব্দটোৰ অৰ্থ বিচাৰিলে আমি পাওঁ―‛দূর্গা’ অৰ্থাৎ ‛দ’ আখৰে দৈত্য নাশ,‛ঊ’ আখৰে বিঘ্ননাশক,‛ৰেফ’ ৰোগ নাশক,‛গ’ আখৰে পাপ নাশক আৰু ‛আ’ কাৰে ভয় তথা শক্ৰৰ ৰক্ষাকৰ্তা।এই আটাইকেইটা শব্দৰ সমষ্টিৰে ―‛দূৰ্গা’ অৰ্থাৎ শক্তিদায়িনী,প্ৰতিগৰাকী নাৰীৰ সাহসৰ প্ৰতীক।সাম্প্ৰতিক সমাজৰ প্ৰতিগৰাকী নাৰীয়েই নিজৰ মাজত মা দূৰ্গাৰ সাহস আৰু শক্তিক কঢ়িয়াবলৈ চেষ্টা কৰা উচিত।
এই শক্তিদাত্ৰী মা দূৰ্গাৰে অন্য এটা ৰূপ আমাৰ সমাজত প্ৰচলিত।যিটো ৰূপৰ আমি সদায়েই বিৰোধিতা কৰি আহিছোঁ।শক্তিদায়িনী, শান্তিদায়িনী,সাহসৰ প্ৰতীক মা দূৰ্গাৰ নামত নিৰীহ তেজৰ বলি আগবঢ়োৱাটো প্ৰকৃতাৰ্থতে যুক্তিসংগত নে?মাতৃয়ে নিজ সন্তানৰ বলি বিচাৰে জানোঁ?মই ভাবোঁ, নিৰীহ প্ৰাণীৰ তেজেৰে দূৰ্গা দেৱীয়ে কেতিয়াও দুৰ্গতি নাশ কৰিব নোৱাৰে।যদি পাৰিলে হেঁতেন তেন্তে অতদিনে এই মানুহৰূপী পশুবোৰে সমাজত মুক্ত বিচৰণ কৰি ফুৰিব নোৱাৰিলে হেঁতেন।এই সকলোবোৰ আচলতে অজ্ঞানী,অধৰ্মী ব্যক্তিকেন্দ্ৰিক মানৱসমাজৰ মনৰ ভ্ৰম।
এবাৰ ভাবকচোন যেতিয়া বলিশালত ছাগলী জনীয়ে চিঞৰে,আপোনাৰ বাৰু কেনে লাগে?এনেদৰে নিৰীহ জীৱ এটাৰ প্ৰাণ লৈ দেৱী সঁচাই সন্তুষ্ট হয় জানোঁ?সন্তানৰ কষ্টত নিশ্চয়কৈ তেওঁ উচুপে।সেয়েহে আমি বাৰে বাৰে কওঁ বলি বিধানৰ নামত নিৰীহ জীৱবোৰৰ হত্যা নকৰিব,তাৰ সলনি দুপাহমান ফুল চটিয়াওক,সৎ মনেৰে দেৱীক সেৱা জনাওক,অৱশ্যেই দেৱী দূৰ্গা জীৱনবাটৰ সহায় হ'ব।
আলোচনীখন পঢ়িবলৈ তলৰ ➡️ Dawnload লিংকত ক্লিক কৰকঃ-
শব্দ-সাঁকোৰ শাৰদীয় বিশেষ সংখ্যাটো পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাঁহৰিব লগতে আন দহজনকো পঢ়িবলৈ আলোচনীখনৰ লিংকটো ভাগ-বতৰা কৰি দিব।
আলোচনীখনৰ বিষয়ে সবিশেষ জানিবৰ বাবে আমাৰ স'তে ৬০০০০৭০৫১৩ নম্বৰত যোগাযোগ কৰক।
No comments:
Post a Comment