অসমৰ অন্যতম সাহিত্য চৰ্চাৰ গোট শব্দ-সাঁকোৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সমাপ্তি
যোৰহাটতস্থিত অসম সাহিত্য সভাৰ কেন্দ্রীয় কাৰ্য্যালয় ৰাধাকান্ত সন্দিকৈ ভৱনত যোৱা ৫ ডিচেম্বৰ দেওবাৰে অসমৰ অন্যতম সাহিত্য চৰ্চাৰ গোট শব্দ-সাঁকোৰ বাৰ্ষিক অধিৱেশন সফলতাৰে সমাপ্তি ঘটে। পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা অধিবেশনত সভাপতিত্ব কৰে ৰমেন শইকীয়াই। অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা অহা সাহিত্যনুৰাগী প্ৰতিনিধি সকলৰ উপস্থিতিত সুন্দৰকৈ অনুষ্ঠিত হয় বাৰ্ষিক অধিবেশন । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত বাৰ্ষিক অধিবেশনত যুটীয়াভাৱে আঁত ধৰে শব্দ-সাঁকোৰ মুখ্য সম্পাদক মনশ্ৰী হাজৰিকা,দাদুমণি বৰা, অবিনাশ বড়া আৰু জ্যোৎস্না বৰা শইকীয়াই ।
উক্ত অধিবেশনত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় ক্ৰমে "মই তোমাৰ আজন্ম প্ৰেমিক", "তুমিয়েই মোৰ জীৱনৰ কবিতা", "সেই মিঠা হাহিটো","সুগন্ধি শব্দমালা","ভাৱনাৰ ইপাৰে সিপাৰে","নয়নাৰ কথাৰে","অনুভৱৰ জোনাক","অনুভৱৰ স্নিগ্ধ জোনাক","জীৱনৰ ৰং", "নেদেখা নদীৰ সীপাৰে" আৰু দাদুমণি বৰা লগতে মনশ্ৰী হাজৰিকাৰ দীৰ্ঘ দিনীয়া ফচল অসমৰ অন্যতম শব্দ-সাঁকো সাহিত্য চৰ্চাৰ গোটৰ পৰা প্ৰকাশিত "শব্দ-সাঁকো" আলোচনীৰ ছপা সংখ্যাকে ধৰি মুঠ ১১ খন গ্ৰন্থ উন্মোচন কৰা হয়। শব্দ-সাঁকো আলোচনীখন উন্মোচন কৰে ৰমেন শইকীয়াই । বিশিষ্ট অতিথি হিচাপে ৰূপম শাস্ত্ৰী, বিশিষ্ট বক্তা হিচাপে মিনালিনী গোস্বামী আৰু হেমচন্দ্ৰ শইকীয়া উপস্থিত থাকে।
এই অনুষ্ঠানত অসমৰ কেবাগৰাকী কবি তথা সাহিত্যি-সংস্কৃতিৰ লগত জড়িত ব্যক্তিক আনুষ্ঠানিক ভাৱে বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়। সেই সকলৰ ভিতৰত বিশ্বনাথৰ প্ৰেম বৈষ্ণৱক "কাব্যৰত্ন" উপাধি, তেজপুৰৰ ৰিঞ্জুমণি নেওগ বৰাক "সাহিত্য ৰত্ন" উপাধি , গুৱাহাটীৰ আমৰাঙ্গাৰ মামনি কলিতাক "কাব্য নন্দিনী" উপাধি আৰু টীয়কৰ পঙ্কজ বৰুৱা গায়নক "কৃষ্টি ৰত্ন" উপাধি প্ৰদান কৰা হয় ৷
তাৰোপৰি আড়ম্বৰপূৰ্ণ এই অনুষ্ঠানতে গৌতম গগৈক "বৰ্ষশ্ৰেষ্ঠ কবি" সন্মান আৰু অৰ্পনা হাজৰিকা তামুলী, মৌচুমী গোহাঁই, মামণি শৰ্মা, ৰেখা গোহাঁই, ৰাতুল দাস, নিভা বৰা বৰুৱা, হিৰোমা শইকীয়া, স্বপ্না গোহাঁই আৰু মিনা বৰাক "সাহিত্য সৌৰভ" সন্মানেৰে সন্মানিত কৰা হয়।।
লগতে এই অনুষ্ঠানটি আয়োজন কৰাত আৰ্থিক ভাৱে সহায় কৰা স্বপ্না লাহন,লীনা পাটৰ,ৰাগিনী আলম্যান,হিমাংক কলিতাক শব্দ-সাঁকোৰ তৰফৰ পৰা কৃতজ্ঞতা নিৱেদিলো। আৰু অসমৰ বিভিন্ন প্ৰান্তৰৰ লেখক লেখিকাৰ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনাগত দিনতো এনেদৰেই সকলোৰে সহযোগিতাৰ কামনা কৰিলোঁ।।
No comments:
Post a Comment