শব্দ-সাঁকো ❖দ্বিতীয় বৰ্ষ ❖প্ৰথম সংখ্যা

“মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বতী সমাঃ।

যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামামোহিতম্।।”

বাল্মিকীৰ মুখেৰে উচ্চাৰিত হোৱা প্ৰথমফাঁকি শ্লোক।এই শ্লোকটিকে সাহিত্য জগতৰ প্ৰথম ফাঁকি কবিতা হিচাপে মানি লৈ তেতিয়াৰে পৰা এক ধাৰাবাহিক গতিৰে এতিয়ালৈকে কাব্যচৰ্চাৰ ধাৰা অব্যাহত আছে।এটা জাতিৰ অস্তিত্ব লুকাই থাকে সেই জাতিটোৰ ভাষা,সাহিত্য, সংস্কৃতিৰ মাজত।আৰু কবিতা হৈছে সাহিত্যৰে প্ৰধান এটি অংগ বা শাখা।কাব্যচৰ্চাৰ বিষয়ে আলোচনা নকৰাকৈ সাহিত্যৰ পথাৰখনৰ বিস্তৃত অধ্যয়ণ কেতিয়াও সম্ভৱ নহয়।

         প্ৰকৃতাৰ্থত কবিতা মানে নো কি?কবিতাৰ এটা নিৰ্ধাৰিত সংজ্ঞাৰ নিৰূপণ সহজে কৰিব নোৱাৰি।তথাপিও কবিতা বুলিলেই সাধাৰণতে আমাৰ মনলৈ আহে ৱৰ্ডচৱৰ্থে আগবঢ়োৱা কবিতাৰ সেই বিখ্যাত সংজ্ঞাটি―“poetry is a spontaneous overflow of powerful feelings, recollected in tranquility” অৰ্থাৎ―“কবিতা হৈছে কবিমনে নিৰলাত নিৰৱে সোঁৱৰা অনুভৱৰ এক স্বতঃস্ফূৰ্ত প্ৰকাশ।”হয়,কবিতা হ'ল হৃদয়ৰ গভীৰতম কুঠৰীৰ স্পন্দন, অন্তৰৰ নিভৃততম উপলব্ধি যাক শৈল্পিক কাৰুকাৰ্যৰে মাটিৰ পাত্ৰ গঢ়াদি সৰল বাক্য বিন্যাস,ব্যঞ্জনাময় ভাষা,শব্দৰ গাঁথনিৰ তীক্ষ্ণতা,শব্দৰ মধুৰতা,যতি চিহ্নিৰ উচিত ব্যৱহাৰ আৰু ছন্দোবদ্ধ কাব্যিক লয়েৰে কবিয়ে নিজস্ব কলমেৰে কবিতাৰ ৰূপ দিয়ে।

          বৰ্তমান প্ৰেক্ষাপটত আকৌ কবিতা-অকবিতাৰ লগত জড়িত বিভিন্ন বিতৰ্ক‌ইও সাহিত্যৰ জগতখনত বেমেজালিৰ সৃষ্টি কৰিছে।ইয়াৰ উপৰিও আকৌ একাংশৰ কবি হোৱাৰ বাসনাই ইমানেই চূড়ান্ত পৰ্যায় পাইছেগৈ যে সাহিত্যৰ পথাৰখনত ই এক দুৰাৰোগ্য ব্যাধিৰ দৰে বিয়পি পৰিছে।হয়,নিজৰ মনৰ অনুভৱ প্ৰকাশ কৰাৰ অধিকাৰ সকলোৰে থাকে,মাধ্যম লাগিলে যিয়েই নহ‌ওক।কিন্তু লোকৰ অনুভৱ এটাক নিজৰ নাম দি কবি হোৱাৰ বাসনা চৰিতাৰ্থ কৰিব খোজা এচামৰ বাবেই বৰ্তমান সময়ত প্ৰকৃত কবিতাসমূহে নিজস্বতা হেৰুৱাইছে,নিজস্ব গৰিমা হেৰুৱাইছে।এই কথাবোৰেই সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে অতিশয় দুৰ্ভাগ্যজনক হৈ পৰিছে।আচলতে কবিয়ে শব্দৰ সৈতে খেলিব জানিব লাগে।আৰু সেই খেলখন উপভোগ কৰে পাঠকসকলে।

               বৰ্তমান আৰু এটা নতুন ধাৰা কবিতাৰ ক্ষেত্ৰখনত আমি দেখিবলৈ পাওঁ―“প্ৰতিষ্ঠিত কবি আৰু অপ্ৰতিষ্ঠিত কবি।” ―এনেধৰণৰ কথাবোৰেও কিছু কিছু বিভ্ৰান্তিৰ চেষ্টা কৰিছে।দুখনমান গ্ৰন্থ প্ৰকাশ কৰিয়েই এজন ব্যক্তিয়ে প্ৰতিষ্ঠিত কবিৰ স্বীকৃতি নাপায়।ইয়াৰ বাবে লাগে পাঠক সমাজৰ পৰা এক সুকীয়া স্বীকৃতি, যি যুগান্তৰলৈকে লগত থাকে।কবি আৰু কবিতাৰ এই সুগভীৰ সম্পৰ্কটো নিৰ্ধাৰিত হয় একমাত্ৰ পাঠকৰ হাতত।এজন পাঠকৰ স্বীকৃতিতহে এজন কবিয়ে নিজস্ব পৰিচয়টো বিচাৰি পায়।

         সেয়েহে, সাম্প্ৰতিক কবি আৰু কবিতাৰ বিষয়ে এই সকলোবোৰ দিশ সামৰি এক বিস্তৃত অৱলোকনৰ প্ৰয়োজন আহি পৰিছে বুলি ধাৰণা হয়।


আলোচনী খন পঢ়িবলৈ তলৰ Dawnloadলিংকত ক্লিক কৰক ⤵️





আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাঁহৰিব। আমাৰ সৈতে সংযোগ হ'বলৈ ৬০০০০৭০৫১৩ নম্বৰত যোগাযোগ কৰক।।

No comments: