“চ'তে গৈয়ে গৈয়ে
ব'হাগে পালেহি
ফুলিলে ভেবেলী লতা
মনে ভোৱাই গৈ মনতে পৰিলে
লাহৰী তোমাৰে কথা”
অসমীয়া বাপতিসাহোন বিহুটিয়ে অসম আৰু অসমীয়াক একতাৰ জৰীৰে বান্ধি ৰাখিছে।বিহুক বাদ দি অসমীয়া প্ৰাণহীন।এই বিহুৰেই লোকসাহিত্য হৈছে বিহুগীতসমূহ।ইয়াৰ অন্তৰালত আছে চহা জীৱনৰ বৰ্ণনা,প্ৰাকৃতিক,ভৌগোলিক অসম আৰু অসমীয়াৰ জনজীৱনৰ এখন সুনিপুণ চিত্ৰশিল্প।
ঋতুৰাজ বসন্তৰ আগমনত প্ৰকৃতি ৰূপ-লাৱণ্যই ভৰযৌৱনা হৈ পৰে,সেয়ে বিহুগীতত আছে―
“ঋতুৰাজ আগমণৰ বতৰা পাই ,দেহানো মন কৰে ৰায়-যাই”
ব'হাগ মাথোঁ এটি ঋতু নহয়,ই যেন কৃষিজীৱীৰ প্ৰাণ।অসমীয়া দাপোন স্বৰূপ।লগতে ব'হাগ যেন মিলন-প্ৰণয়ৰো উৎসৱ।বসন্তৰ অপৰূপ সৌন্দৰ্যই জোকাৰি যাই ডেকা-গাভৰুৰ মন।সেয়ে বিহুগীতত বিহুৱা ডেকাই নাচনীক উদ্দেশ্য কৰি গাই―
“তোলৈ চাই আমনি নালাগে ভনীটি/নেচালে নুগুচে ভোক/তিঁয়হো নহ'লি চিৰালো নহ'লি চোবাই খালো হেঁতেন তোক।”
সাম্প্ৰতিক কালত এইয়া অতীত।বিহুনাম গুচি বিহুসুৰীয়া গীতৰ প্ৰাধান্য বেছি।গছতলৰ বিহু গৈ মঞ্চত উঠিল।আৰু অসমীয়াৰ বিহুটি ৰাজনীতিৰ মেৰপাকত সোমাই পৰিল। পিঠা-পনাৰ দূৰৈৰ কথা আজিকালি বজাৰত উপলব্ধ।অসমীয়া বোৱাৰীয়ে পিঠাগুৰি খুন্দাটো দূৰৈৰে কথা ঢেঁকীটো দেখাৰো সৌভাগ্য হেৰুৱাইছে।এইয়া অসমীয়া জাতিটোৰ বাবেই সংকট।
বিহুৰ যি উৎসাহ-উল্লাস সেয়া ক্ৰমশঃ হ্ৰাস পাই তাৰ পৰিৱৰ্তে পশ্চিমীয়া সংস্কৃতিয়ে জাতিটোক বেঢ়ি ধৰিলে।আহক জাতিটোৰ আয়ুসৰেখা বিহুক বিহুৰ দৰেই উদযাপন কৰাত প্ৰতিজন অসমীয়া দায়বদ্ধ হওঁ।
No comments:
Post a Comment