ৰঙালী আৰু প্ৰাসংগিক কিছু চিন্তাঃ
ব'হাগ বুলি ক'লেই মনলৈ অহা এটি বিশেষ শব্দ হৈছে হুঁচৰি।এটি বিশেষ টান অনুভৱ হয় বুকুত অজানিতে এক নিভাঁজ সম্পৰ্ক এই বিশেষ শব্দটোৰ লগত!–চ'তৰ শেষৰ পৰাই বতাহত ভাঁহিছিলএই সুৰ―সেইবাবেই চাগে এতিয়াও বুকুত শিপাই ৰৈছে বৰ আছুতীয়াকৈ!―হুঁচৰি, আমাৰ আবেগ,অসমীয়াৰ প্ৰাণ|বাপতিসাহোন ৰঙালীৰ আটাইতকৈ উল্লেখযোগ্য অংগ এই হুঁচৰি নাম|প্ৰত্যকজন অসমীয়াৰ প্ৰাণত সঞ্চাৰিত হয় এই সুৰ,এই টান!
এতিয়া কথাটো হ'ল আমাৰ এই বাপতিসাহোন পৰম্পৰাটোক আমি নিজেই আৰু কিমান ভেঙুচালি কৰিম?―হুঁচৰি নামৰ পৰম্পৰাত এতিয়া ধনী দুখীয়াৰ ধাৰণা,এই চিন্তাধাৰা কেতিয়াৰ পৰা ইমানকৈ শিপালে আমাৰ মাজত?গাওঁখনৰ ধনী ধনী মানুহকেইঘৰ চিনাক্ত কৰে, তেওঁলোকৰ পদূলিতহে হুঁচৰিৰ নাম গুঞ্জৰিত হয়|বছেৰেকৰ মূৰত এই হুঁচৰি যোৰাৰ আশীষ ল'বলৈকে অসমবাসী ৰৈ থাকে বৰ আগ্ৰহেৰে,কিন্তু সেই হুঁচৰি যোৰাই যদি কাৰোবাক ধনী অথবা কাৰোবাক দুখীয়াৰ প্ৰমাণপত্ৰ দি যায়,একো কোৱাৰ অৱকাশ বিচাৰিয়ে নাপাওঁ| প্ৰকৃততে আমাৰ আবেগত আঘাত দি যায় তেওঁলোকে।
মাজে মাজে ভাৱ হয় সঁচাই ক'লৈ গৈ আছোঁ আমি?ধনী-দুখীয়া,উচ্চ-নীচ এইবোৰ আছিল জানোঁ আমাৰ পৰম্পৰা?আজিৰ প্ৰজন্মই বিহু নামটোৰ অৰ্থ ভালদৰে অনুধাৱন কৰিব নোৱাৰে, হুঁচৰি মানে কি নাজানে,গছতলৰ বিহু আহি মঞ্চত উঠাৰ পিছৰে পৰা আমি মাথোঁ এটা কথাই জনা হ'লো বিহু মানেই প্ৰতিযোগিতা,বিহু মানেই কৰ্মশালা।এইবোৰৰ মাজত বিহুৰ যি প্ৰকৃত স্বকীয়তা ,সেইয়া হেৰাই যোৱাৰ উপশম হোৱা নাই নে?আমাৰ যি পৰম্পৰা,আমাৰ যি সংস্কৃতি সকলোবোৰত আমি আধুনিকতাৰ পৰশ দি ৰঙীণ কৰি পেলাইছো হয়,কিন্তু বিহুৰ যি প্ৰকৃত ৰং-ৰহণ সেইয়া লাহে লাহে ম্লান হৈ আহিবলৈ ধৰিছে।আৰু এনেদৰে থাকিলে আমাৰ বাপতিসাহোন বিহুটোও কেৱল প্ৰতিযোগিতা,কৰ্মশালা, ইত্যাদিতেই যে শেষ হ'বগৈ সেয়া নিশ্চিত।এই সকলোবোৰৰ মূল কাৰণ কি?এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে আমি কি পাওঁ?আমিয়েইটো একমাত্ৰ কাৰণ ,যিয়ে আমাৰ পৰম্পৰাবোৰক ধ্বংসৰ মুখলৈ ঠেলি আছোঁ|ইমানেই আধুনিক হ'লো নে আমি,য'ত আমাৰ শিপা হেৰাই যায়!হয়,সময়ৰ তাগিদাত,সমাজৰ তাগিদাত আমি কিছু ব্যৱস্থা, বা কিছু নীতি-নিয়ম আদৰি হ'ব লগা হয়,সেইবুলি আমি আমাৰ নিজৰ যি পৰম্পৰা,নিজৰ যি ঐতিহ্য সেই সকলোবোৰ এৰি পেলোৱাটো কিমান দূৰ যুক্তিসংগত?ইয়াৰ উত্তৰ বিচৰাটো অত্যন্ত জটিল আচলতে।
সঁচাই,অতীতৰ ৰঙালী আৰু এতিয়াৰ ৰঙালীৰ মাজত আকাশ-পাতাল পাৰ্থক্য|আমিও পাৰ কৰিছোঁ কিছু দিন,টকাৰে নুজুখি আবেগবোৰক হৃদয়ৰ আকুলতাৰে জুখিছিলোঁ|ককাৰ দিনৰ সময়বোৰৰ কথা শুনি শুনি অনুভৱ কৰিছিলোঁ ৰঙালীৰ সুখ!এতিয়া আৰু সেই দিন নাই।আজিৰ সময়ত আমি নাজানো জ্যেষ্ঠৰ পৰা আশীষ বুটলাৰ পৰম্পৰা অথবা নাজানো ধনী-দুখীয়া,উচ্চ-নীচ ভেদভাৱ নাৰাখি সমিলমিলেৰে এখনি সমাজ গঢ়াৰ পৰম্পৰা।আধুনিক যুগৰ একো একোজন হৈ আমি পাহৰিছোঁ সাতবিহুৰ পৰম্পৰা। সঁচাই টকাৰ আগত সকলো মূল্যহীন―আবেগ,অনুভূতি,আদৰ|কিন্তু এই যে দেখাত সাধাৰণ যেন লগা কথাবোৰ,এই কথাবোৰে লাহে লাহে আঘাত কৰিবলৈ ধৰিছে আমাৰ ঐতিহ্য-পৰম্পৰাৰ ভেঁটিত।ক্ৰমশঃ হেৰুৱাবলৈ ধৰিছো আমি আমাৰ শিপা,আমাৰ সত্বা।সোঁৱৰণীত কেৱল এৰি আহিছো অতীতৰ সেই দিন,সেই সময়।
প্ৰকাশ পালে তিনিমহীয়া অসমীয়া ফেশ্বন আলোচনী ৰূপাঞ্জলী। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰিক-
No comments:
Post a Comment