লেখক হোৱাৰ বাসনাঃ
সাম্প্ৰতিক সমাজ ব্যৱস্থাত সততে চকুত পৰা এটা বিষয় হৈছে এজন ব্যক্তিয়ে নিজকে লেখক বা সাহিত্যিক হিচাপে প্ৰতিষ্ঠা কৰোৱাৰ নামত মনত পুহি ৰখা এক অদম্য বাসনা। অৱশ্যে বহুজনৰ বাবে লিখা-মেলা কৰাটো এক প্ৰকাৰৰ নিচা বা অভিৰুচি,তেওঁলোকে মনৰ মাজত উকমুকাই থকা কথাবোৰ অথবা অনুভৱবোৰ প্ৰকাশ কৰিবৰ বাবেই লেখিবলৈ লয়,ই একপ্ৰকাৰৰ আহিলা তেনে ব্যক্তিৰ বাবে।বহুজনে তেওঁলোকৰ মনৰ অনুভৱ তথা উপলব্ধি বোৰ কবিতা,গল্প অথবা অন্যান্য লেখাৰ মাধ্যমেৰে প্ৰকাশ কৰে। বহুজনৰ বাবে আকৌ লেখাটো একপ্ৰকাৰৰ যেন দায়বদ্ধতা।এইখিনিলৈকে সকলো থিকেই থাকে, কিন্তু যেতিয়া বহুতে লেখাবোৰক মান, যশ প্ৰাপ্তিৰ আহিলা স্বৰূপে লয় ,সেইখিনিতেই সমস্যাৰ উদ্ভৱ হয়,তেওঁলোকৰ মনত এটাই কথা থাকে যে নিজকে লেখক হিচাপে প্ৰতিষ্ঠা কৰোৱাব লাগে বা স্বীকৃতি দিয়াব লাগে, লাগিলে সেইয়া যিকোনো উপায়েৰেই হওক ৷
ব্যক্তিগত ভাৱে মই এটা কথা অনুভৱ কৰোঁ এগৰাকী লেখক হিচাপে নিজকে স্বীকৃতি দিয়াবলৈ হ'লে মনত অপৰিসীম ধৈৰ্য, নিষ্ঠা আৰু একাগ্ৰতা থাকিব লাগিব।সমান্তৰালভাৱে সেই ব্যক্তিজন প্ৰথমে এজন ভাল পাঠক হ'ব লাগিব।কাৰণ বৰ্তমান সময়ত আমি এনে কিছু উদাহৰণ দেখিবলৈ পাওঁ, য'ত এজন ব্যক্তিয়ে যিকোনো এটা বিষয়ৰ গভীৰলৈ নোযোৱাকৈ, বিষয়টোৰ ওপৰত বিশেষ অধ্যয়ণ নকৰাকৈ এনে কিছু লেখা লিখি উলিয়াই যিবোৰে সামাজিক বিশৃংখলতাৰহে সৃষ্টি কৰে।যেতিয়া কাৰোবাৰ মনত কবি, সাহিত্যিক, বা লেখক হোৱাৰ এক বাসনা থাকে তেনে ব্যক্তিয়ে সাহিত্যৰ পথাৰখনত কিছু সমস্যাৰ সৃষ্টি কৰে আৰু তেতিয়াই এই পথাৰখনত নিস্বাৰ্থভাৱে নিজা অনুভৱবোৰৰ মাধ্যমেৰে চৰ্চা কৰি থকা,নিজ নিজ ভাষা সংস্কৃতিৰ কৰ্ষণেৰে নিজকে ব্যস্ত কৰি ৰখা প্ৰকৃত যিসকল লেখক অথবা সাহিত্যিক তেওঁলোকৰ বাবে এনে বিষয়বোৰ সমস্যাৰ কাৰক হৈ পৰে।তেওঁলোক বিব্ৰত হয়।সমান্তৰাল ভাৱে লেখক -পাঠকৰ সম্পৰ্কটোৰ মাজতো কিছু দূৰত্ব আহি পৰে।কেৱল মাত্ৰ নিজা নাম-যশ প্ৰতিষ্ঠা কৰিবলৈ সেইসকল ব্যক্তি উঠিপৰি লাগে যাৰ ফলত সাহিত্যৰ পথাৰ খন বৰ বেয়াকৈয়ে ক্ষতিগ্ৰস্ত হয়।কেৱলমাত্ৰ নাম,যশস্যা প্ৰাপ্তিৰ বাসনাত কবি, সাহিত্যিক হ'বলৈ যোৱা এইলোকসকলৰ এনে কাৰ্যই উঠি অহা প্ৰজন্মটোক প্ৰকৃত বাট দেখুওৱাত সমস্যাৰ সৃষ্টি কৰিছে।বঁটাৰ পিছত ঘূৰি ফুৰা,পৰীক্ষাৰ সময়ত ঘোচ দিয়া।
এইসকল ব্যক্তিয়ে উপলব্ধি কৰিব নোৱাৰে সাহিত্যৰ গভীৰতা অথবা কবিতাৰ মাহাত্ম্যতা।যিখন সমাজত ঋষিতুল্য নীলমণি ফুকন দেৱে কবিতাৰ নামত জ্ঞানপীঠ বঁটাৰে সাহিত্যৰ পথাৰখনক সমৃদ্ধ কৰোৱাইছে,সেইখন সমাজতে কবিতাৰ শিৰোনাম অথবা বিষয়বস্তু দেখি নিজৰ ওচৰতে নিজেই লাজ পোৱাৰ দৰে অৱস্থা আমাৰ হয়।
সঁচা অৰ্থত আমাৰ আগৰ লেখকসকলৰ কবিতা,গল্প,উপন্যাস ইত্যাদিৰ অনুভৱ তথা বিষয়বস্তু দেখিলে নিজকে খুব তুচ্ছ অনুভৱ হয় তেওঁলোকৰ ওচৰত।তেওঁলোকৰ লেখাসমূহৰ প্ৰভাৱেৰে আমি প্ৰকৃতাৰ্থতে কিন্তু প্ৰভাৱান্বিত হ'ব পৰা নাই।যদি তেওঁলোকৰ প্ৰভাৱ আমাৰ জীৱনত অকণমানো পৰিল হয় তেন্তে আমি কেতিয়াও কেৱল নাম অথবা যশৰ পিছত ঘূৰি ঘূৰি,নিজকে লেখক হিচাপে প্ৰতিষ্ঠা কৰোৱাৰ এই তীব্ৰ বাসনাটোৰ ওচৰত বাৰে বাৰে হাৰি নগ'লো হয়।
হয়,লেখা অথবা কোৱা সকলোৰে নিজস্ব অধিকাৰ।সেইবিষয়ত আমি মাত মাতিব নোৱাৰোঁ।কিন্তু যিকোনো এটা বিষয় লিখি উলিওৱাৰ ক্ষেত্ৰত লেখকসকলৰো কিছু দায়বদ্ধতা থকা উচিত।প্ৰথমেই বিষয়টো ভালদৰে বুজি লৈহে আগবঢ়া হয়তো উচিত।যেনেদৰে গল্প এটিৰ প্লট বিচাৰোতে আমি সময় লওঁ,থিক একেদৰেই অন্য এটি লেখাও লেখি ওলিওৱাত মই ভাবোঁ লেখকে সময় লোৱা উচিত।সমান্তৰাল ভাৱে মই ভাবোঁ নিজা সৃষ্টি এটাক বিশ্লেষণ কৰি উলিয়াব পৰাকৈ সৃষ্টি কৰোতাজনৰো আত্মপ্ৰত্যয় থকা উচিত।তেতিয়াহে বিষয় এটাৰ ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশেই অনুধাৱণ কৰা সহজ হ'ব।
গল্প,কবিতা,উপন্যাস ইত্যাদি লিখি উলিওৱাটো বৰ সহজ কাম নহয়।যেতিয়া কোনো এজন গল্পকাৰ বা লেখকে নিজা সৃষ্টিটোৰ সৈতে এজন পাঠকক বান্ধি ৰাখিব পাৰিব,সেই পাঠকজনে যেতিয়া লেখাটোৰ বিষয়ে বিশ্লেষণ কৰিব,আন দহজনৰ সৈতে কথা পাতিব সেইখিনিতেই লেখক এজনৰ প্ৰকৃত স্বীকৃতি লুকাই থাকে আৰু যি স্বীকৃতি কেতিয়াও কোনো বঁটাই দিব নোৱাৰে।গতিকে এনেধৰণৰ পাবত গজা এচামৰ দ্বাৰা আমাৰ প্ৰকৃত সাহিত্যৰ পথাৰখনত যাতে কোনোধৰণৰ বেমেজালি সৃষ্টি নহয় তাৰবাবেও আমি সাজু হোৱাৰ সময় এইয়া।কোৱা হয়,সাহিত্যই হৈছে এখন সমাজৰ দাপোণস্বৰূপ,গতিকে এই দাপোণখনক সুস্থিৰ কৰি ৰখাৰ দায়িত্বও আমাৰেই।আমিয়েই এই দায়িত্ববোধ সামৰি সাহিত্যৰ নামত ভণ্ডামি কৰিবলৈ এৰি সৎ পথেৰে আগবঢ়া উচিত।যাতে আমাৰ অস্তিত্ব আমাৰ শিপা নলৰে।
প্ৰকাশ পালে শব্দ-সাঁকোৰ দ্বিতীয় বৰ্ষৰ চতুৰ্থ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-
No comments:
Post a Comment