❖শব্দ-সাঁকো ❖দ্বিতীয় বৰ্ষ ❖পঞ্চম সংখ্যা

 সেউজী ধৰণী ধুনীয়াঃ

১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে সমগ্র বিশ্বতে পালন কৰি অহা হৈছে। এই দিৱসৰ মূল লক্ষ্য হৈছে মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কে বিশ্বজুৰি সজাগতা সৃষ্টি কৰি মানুহক সচেতন কৰোৱা।প্ৰথমবাৰৰ বাবে এই দিৱস ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিয়ে(UNED) ১৯৭২ চনৰ ৫-১৬ জুনলৈকে অনুষ্ঠিত মানৱ পৰিৱেশ(Human Environment) সন্মিলনত আৰম্ভ কৰিছিল।পৰৱৰ্তী সময়ত অৰ্থাৎ১৯৪৭ চনৰ পৰা বিশ্বৰ বিভিন্ন দেশৰ মহানগৰবোৰতো পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই পৰিৱেশ দিৱস উদযাপন কৰিবলৈ লোৱা হয়।কিন্তু প্ৰশ্ন হয়,প্ৰকৃতাৰ্থতে আমি কিমান দূৰ সচেতন হৈছোঁ এনেধৰণৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত।সাম্প্ৰতিক সময়ছোৱাত এনেধৰণৰ প্ৰশ্নবোৰৰ পৰ্যালোচনা কৰাটো খুবেই প্ৰয়োজনীয় হৈ পৰিছে।

           হয় সৃষ্টি  আৰু ধ্বংস এই শব্দ দুটাৰ সঠিক মূল্যায়ন কৰিবৰ বাবে যেন উপযুক্ত হৈ পৰিছে বৰ্তমান সময়খিনি।আমি এটা কথা খুব ভালদৰে অনুধাৱন কৰিব পাৰোঁ যে সৃষ্টিও মানুহৰ লগতে জড়িত আৰু ধ্বংস‌ও।কিন্তু মানৱ সমাজত সৃষ্টিৰ প্ৰাধান্য বেছি।সৃষ্টিৰ সমান্তৰাল ভাৱেই যে আমি আমাৰ ধুনীয়া পৃথিৱী খনক, আমাৰ প্ৰকৃতি খনক ধ্বংসৰ মুখলৈ ঠেলি নি আছোঁ সেই সম্পৰ্কে চিন্তা কৰিবলৈ আমাৰ সময়ৰ অভাৱ হয়।ব্যস্ততাৰ ধামখুমীয়াত উটি ভাঁহি আমি ইমানেই ব্যক্তিকেন্দ্ৰিক হৈ পৰিছোঁ যে আমাৰ স্বাৰ্থ নথকা কোনোধৰণৰ কথাই আমাৰ জীৱনত প্ৰাধান্য নোপোৱা হৈ আহিছে।ব্যক্তিগত লাভালাভৰ বাবে উপৰ্যুপৰি আমি আঘাত কৰোঁ আমাৰ পৃথিৱীখনৰ স্বাভিমান,আমাৰ গৌৰৱ আমাৰ প্ৰকৃতিখনক―।কিন্তু এতিয়া সময়ে যেন প্ৰকৃতিখনক সুযোগ দিছে মানুহৰ এই বৰ্বৰতাবোৰৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ।আজিৰ মানুহ গতানুগতিক জীৱনপঞ্জীৰ পৰা আঁতৰি সঁজাত বন্দী চৰাইৰ দৰে বন্দী হৈ ৰ'ব লগা হৈছিল ,সেইয়াও কিন্তু মানৱসৃষ্ট এটি কাৰকৰ বাবেই।আঁতৰি ফুৰিব লগা হৈছিল মানুহৰ সংস্পৰ্শৰ পৰা,গতানুগতিক জীৱনধাৰাৰ পৰা।কিন্তু তাৰ বিপৰীতে প্ৰকৃতিখনে নিৰৱে কৰি গৈছিল আত্মপ্ৰকাশৰ চেষ্টা।নিতৌ ন সাজেৰে সজাই নতুন ৰূপত উজ্বলি উঠে আমাৰ প্ৰকৃতিখন।মানৱসৃষ্ট হাজাৰ আঘাতকো সামৰি প্ৰকৃতিয়ে ন ৰূপেৰে সাজে ―পথৰ দুয়োকাষে নিৰৱে ফুলি ৰোৱা আজাৰ,কৃষ্ণচূড়া, ৰাধাচূড়াৰ উজ্জ্বলতাত হেৰাই যায় মানুহৰ স্বাভিমান।

        এই যে উপৰ্যুপৰি আমি প্ৰকৃতিখনক আঘাত কৰি যাওঁ, ধ্বংসৰ বাবে আগভাগ ল‌ওঁ―এইখিনিতেই কিন্তু পৰিৱেশ দিৱস উদযাপনৰ মূল উদ্দেশ্যেবোৰ উপেক্ষিত হৈ পৰে,এটা মাত্ৰ বিশেষ তাৰিখতে সীমাবদ্ধ হৈ ৰয় সকলোবোৰ লক্ষ্য আৰু উদ্দেশ্য।প্ৰকৃতাৰ্থত এই কথাবোৰৰ আলোচনাৰ বাবে আমাৰ সময়ৰ অভাৱ হয়।কিন্তু এতিয়া চৌপাশৰ পৰিস্থিতিয়ে আমাক এই কথাবোৰ ভাবিবলৈ বাধ্য কৰাইছে।জীৱশ্ৰেষ্ঠ হিচাপে থকা আমাৰ উপাধিটোৰ   প্ৰকৃত মূল্য আমি কোনোদিনে দিব পৰা নাই পৃথিৱীখনক।এজোপা গছ ৰুই,বিপৰীতে দহ জোপা গছ কাটি আমি আচলতে কিহৰ পৰিচয় দিওঁ?সেউজীয়া পাহাৰবোৰ উদং কৰি আমি কিহৰ পৰিচয় দিওঁ?ইমানেই স্বাৰ্থলোভী আমিবোৰ যে নিজৰ উশাহকণৰ কথাও চিন্তা কৰাৰ সময় নহয়,আৰু এতিয়া উশাহৰ টনাটনিত জীৱন ওলমি ৰয় পেণ্ডুলামৰ দৰে।এইবোৰ আচলতে এতিয়া আলোচনা কৰাৰ কথা নাছিল,ইয়াৰ আলোচনা হ'ব লাগিছিল বহু বছৰ আগতে।তেতিয়া অন্ততঃ সময়ে দিয়া এই প্ৰতিআঘাতৰ উত্তৰ আমাৰ হাতত থাকিল হয়।অৱশ্যে হয়,আমাৰ মাজতেই আমি প্ৰকৃতিৰ নিস্বাৰ্থ প্ৰেমিক যাদৱ পায়েঙ ডাঙৰীয়াৰ দৰে ব্যক্তিক পাইছোঁ।তেওঁৰ দৰে যদি আমি প্ৰকৃতিখনক ভাল পাব পাৰিলোঁ হয়,পৰিৱেশ দিৱস উদযাপন কৰি এদিনৰ বাবে এটা গছপুলি ৰুই প্ৰকৃতিবিদ হোৱাৰ প্ৰয়োজন নহ'ল হয়।

           মানুহে প্ৰকৃতিৰ সম্ভাৱনাবোৰ ধ্বংস কৰাৰ বাবে যিমানেই প্ৰচেষ্টা চলাই তাৰ সমানেই কিন্তু প্ৰকৃতিয়েও এক নীৰৱ আয়োজন চলাই আত্মপ্ৰকাশৰ।দায়িত্ব আমাৰেই আছিল পৃথিৱীখনক সুস্থ কৰি ৰখাৰ আৰু এতিয়াও এই দায়িত্ব আমাৰেই।এটা পুলিক গছলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব যেতিয়া আমি কান্ধ পাতি ল'ব পৰা হ'ম তেতিয়াহে হয়তো পৰিৱেশ দিৱস উদযাপনৰ উদ্দেশ্য পূৰণ হ'ব।গতিকে আহকচোন পালন কৰোঁ আমাৰ এই দায়িত্ব, আমাৰ সেউজী পৃথিৱীখনক জ্যোতিপ্ৰসাদে কৈ যোৱাৰ দৰেই সেউজীয়া কৰি ৰাখোঁ―

“সেউজী, সেউজী, সেউজী অ'

সেউজী ধৰণী ধুনীয়া...”

প্ৰকাশ পালে শব্দ-সাঁকোৰ দ্বিতীয় বৰ্ষৰ পঞ্চম সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-


 

আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব 

No comments: