অধ্যয়ণবিমুখীতা আৰু আজিৰ প্ৰজন্মঃ
ফৰাচী দাৰ্শনিক ভল্তেয়ৰে কৈছিল-‘‘কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে৷’’ যি সমাজত কিতাপৰ স্থান নাই সেই সমাজ থকা বা নথকা একেই কথা৷—বৰ্তমান সময়ৰ প্ৰেক্ষাপটত এই কথাষাৰিৰ প্ৰাসংগিকতা বিচাৰিলে অযুত প্ৰশ্ন মনলৈ আহে, ভৱিষ্যতৰ ছবিখন কল্পনা কৰিলে আশংকাত বুকুখন কঁপি উঠে। সঁচাকৈয়ে কোন দিশলৈ গৈ আছে আমাৰ সমাজখন,নিজকে সুধি সুধিও এই প্ৰশ্নৰ সঠিক উত্তৰটো বিচাৰি নাপাওঁ।
এটা সময় আছিল যি সময়ত এখন কিতাপ এবাৰ মেলি লোৱাৰ পিছত শেষ নোহোৱালৈ আমাৰ মনবোৰে খু-দুৱাই থাকে।বহু উজাগৰী নিশাও পাৰ কৰিছিলোঁ কিতাপৰ বুকুতে।মনে বিচৰা কিতাপখন হাতত নপৰালৈ মনটোত এক বিৰাট হাহাকাৰ,বহি ৰৈছিলো ঘন্টাৰ পিছত ঘন্টা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত। এতিয়াৰ উঠি অহা প্ৰজন্মটোৰ প্ৰায় আশী শতাংশৰে কিন্তু এখন কিতাপৰ প্ৰতি এই ধাউতিটো আমি দেখা নাপাওঁ।যান্ত্ৰিকতাত ডুব গৈ থকা এই প্ৰজন্মটোৰ বাবে আটাইতকৈ ‘বৰিং’ কামটোৱেই হৈছে কিতাপ পঢ়া। তেওঁলোকে পঢ়ে কেৱল নম্বৰ গোটাবৰ বাবে,প্ৰতিযোগিতাৰ দৌৰখনত নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ বাবে। বাস্তৱ শূণ্য জীৱন এটা লৈ ম'বাইল, কম্পিউটাৰৰ পৃথিৱীখন সাৱটি বহি থকা এই প্ৰজন্মটোৰ বাবে কিতাপ হৈছে কেৱল প্ৰয়োজনীয় কিছু জ্ঞান আহৰণৰ আহিলা।
মনত পৰে প্ৰায়েই নতুন কিতাপ এখন কিনি আনি ,পৃষ্ঠাবোৰ লুটিয়াই সেই সুৱাসত নিজৰ মাজতে মগ্ন হৈ ৰোৱা সেই সময়—,কিতাপখন পঢ়ি উঠি ইজনে-সিজনৰ লগত কৰা আলোচনাবোৰ,চৰিত্ৰবোৰক লৈ ৰচা কল্পনাবোৰ...কি যে এক মাদকতা আছিল।আজিও চোন এনে সুৱাসবোৰ বুটলি ফুৰাৰ হেঁপাহবোৰ আমাৰ শেষ নহয়, কিন্তু আজিৰ প্ৰজন্মৰ সৰহসংখ্যকৰ বাবে এইবোৰ সাধুকথা।
অৱশ্যে,মই সকলোকে দোষাৰোপ নকৰোঁ বা কৰিবও খোজা নাই।এই সকলৰ ভিতৰতো বহু উঠি অহা যুৱক-যুৱতী আছে,যি সকলে কৃত্ৰিম ৰংবোৰৰ বিপৰীতে বাস্তৱিক পৃথিৱীখন উপলব্ধি কৰিব বিচাৰে। তেওঁলোকে ইন্টাৰনেটৰ পৰিৱৰ্তে কিতাপ পঢ়ে,জীৱনটো উদযাপন কৰিবলৈ শিকে।সেইসকল আজিৰ প্ৰজন্মৰ সদস্যৰ ক্ষেত্ৰত সেয়েহে আমি বহু ধনাত্মক চিন্তাধাৰাও দেখিবলৈ পাওঁ।তেওঁলোক আগুৱাব বিচাৰে যোগাত্মক কিছু আদৰ্শেৰে।
আমি সহজেই দেখিবলৈ পাওঁ উঠি অহা প্ৰজন্মটোৰ মাজত ধৈৰ্য্য,একাগ্ৰতা,স্থিৰতা আদি কথাবোৰ খুব কমেই থাকে।যিকোনো এটা বস্তু বা বিষয় তেওঁলোকে ধৈৰ্য্যৰে পাৰ কৰিব নোৱাৰে।এই সকলোবোৰৰ মূল কাৰণ হৈছে অধ্যয়ণবিমুখীতা। বহু সময় কিতাপ এখনত
ডুবি থাকিব পৰা এজন ব্যক্তিৰ মনত থকা ধৈৰ্য্য আৰু একাগ্ৰতা কিন্তু আমি আজিৰ প্ৰজন্মৰ এজন সদস্যৰ মনত দেখা নাপাওঁ। একমাত্ৰ ডিজিটেল পৃথিৱীখনে মনবোৰ অস্থিৰহে কৰে,স্থিৰতা অনাত সহায় নকৰে।আমি সকলোৱে জানো কিতাপে মানুহক চিন্তাৰ খোৰাক দিয়ে৷যিবোৰ দেশত শিক্ষাৰ হাৰ বেছি, সেইবোৰ দেশত কিতাপৰ প্ৰচলনৰ সংখ্যাও বেছি।সাহিত্য সৃষ্টিৰ বাবেও কিতাপ অধ্যয়ন কৰাতো অপৰিহাৰ্য, যিকোনো এটা বিষয়ৰ ওপৰত সম্যক জ্ঞান নথকাকৈ লেখকে লেখা আগবঢ়াব নোৱাৰে।প্ৰসিদ্ধ কল্পবিজ্ঞান লেখক আৰ্থাৰ ছি. ক্লাৰ্কে (Arthur C.Clarke) কৈছিল, ‘‘লেখক হ’ব খুজিছা যদি দিনে কমেও এখন কিতাপ পঢ়িবা৷’’ সঁচাকৈয়ে নৱ প্ৰজন্মৰ যিসকলে সাহিত্য সৃষ্টি আৰু সমালোচনাৰ প্ৰতি গুৰুত্ব দিব খোজে, তেওঁলোকেও পাৰ্যমানে কিতাপ পঢ়াৰ প্ৰতি মনোযোগ দিয়া উচিত বুলি মই ভাবোঁ। কিন্তু কোনোবাখিনিত যেন এই অধ্যয়ণবিমুখীতাৰ কাৰণেই আমাৰ সমাজখন ৰৈ যাব লগা হয়।হয়, সাম্প্ৰতিক প্ৰেক্ষাপটত লেখকৰ সংখ্যা খুবেই বেছি, কিন্তু তাৰ তুলনাত পঢ়ুৱৈৰ সংখ্যা কিমান বাঢ়িছে,এই সকলোবোৰ চালি-জাৰি চোৱাৰো প্ৰয়োজনীয়তা আহি পৰিছে।
অৱশ্যে আমি সকলোৱে এটা কথা ইতিমধ্যেই বুজি উঠিছো মে উঠি অহা প্ৰজন্মটোৰ ক্ষেত্ৰত এনে অধ্যয়ণবিমুখীতাৰ প্ৰধান কাৰণটোৱেই হৈছে সময়ৰ তাগিদা।ক'ভিডকালীন পৰিৱেশে আমাৰ মাজত এনে কিছু সমস্যাৰ উদ্ভৱ কৰোৱালে যে মানুহৰ মনবোৰেই ধনাত্মক কথাবোৰৰ বিপৰীত দিশে পৰিচালিত হ'বলৈ ধৰিছিল, ছাত্ৰ-ছাত্ৰীসকল আঁতৰি থাকিব লগা হৈছিল বিদ্যালয়, বিশ্ববিদ্যালয় সমূহৰ পৰা ,মানুহ আঁতৰি থাকিব লগা হৈছিল মানুহৰ সংস্পৰ্শৰ পৰা।কেৱল মাত্ৰ কৃত্ৰিম এখন পৃথিৱীত মানুহ হৈ জীয়াই থকাৰ তাড়নাত পাৰ কৰিছিল সময়। এনে পৰিপ্ৰেক্ষিতত মনবোৰ উদাস হৈ পৰাটো স্বাভাৱিক আছিল। এতিয়া পিছে
সমাজ আগুৱাই গৈছে,খোজত খোজ মিলাই আমি আগুৱাই যাব লগা হৈছে। ব্যস্ততাৰ ধামখুমীয়াত উটি আজিৰ মানুহে পাহৰি গৈছে কথা ক'বলৈ,কথা শুনিবলৈ। কেৱলমাত্ৰ নিজক কেন্দ্ৰ কৰি ঘূৰি থকা এটা বৃত্তৰ পিছে পিছে ঘূৰি ঘূৰি আজিৰ মানুহে হেৰুৱাইছে নিজক।আজিৰ মানুহৰ সময়ৰ অভাৱ নিজক জীয়াই তুলিবলৈও। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় আজিৰ প্ৰজন্মও,হাততে পোৱা গুগলত নোচোৱাকৈ কিতাপ মেলি তথ্য বিচাৰিব তেওঁলোকে নাজানে।নুবুজে কিতাপ পঢ়াৰ মাদকতা।জীৱনৰ বাটত আগুৱাই গৈ থাকোতে তেওঁলোকে কোনোদিনে ৰৈ পোৱা নাই এখনি কিতাপৰ কাহিনীৰ আঁৰত,শুনি পোৱা নাই এটি কাল্পনিক চৰিত্ৰৰ বুকুৰ বেথা!
সঁচাকৈয়ে তেওঁলোকৰ ভৱিষ্যতটো বৰ জটিলকৈ দেখা পাওঁ। কোন দিশে ,কিয় গৈ আছে তেওঁলোক জ্ঞাত নহয়, মাথোঁ গৈ আছে।মাজে মাজে ভাৱ হয় এটা ভয়ংকৰ ভৱিষ্যতৰ সাক্ষী হ'বলৈ আমিও গৈ থকা নাইতো !এটা কথা মই ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ কিতাপ নপঢ়িলে মানুহৰ চিন্তা, আদৰ্শই পূৰ্ণতা লাভ কৰিব নোৱাৰে,কিতাপ পঢ়িলেহে জীৱনটোৰ প্ৰকৃত উপলব্ধি কৰিব পাৰি,জীৱনটোক সূক্ষ্মভাৱে অনুধাৱন কৰিব পাৰি৷আৰু আজিৰ প্ৰজন্মৰ ক্ষেত্ৰত এই বিষয়বোৰৰ যথেষ্ট অভাৱ হোৱা দেখা যায়। পাঠ্যক্ৰমৰ কিতাপকেইখনৰ বাহিৰে বাহিৰা কিতাপৰ চৰ্চা নহয় তেওঁলোকৰ মাজত—! দেখাত সাধাৰণ যেন লগা এই কথাবোৰেই ভৱিষ্যত প্ৰজন্মৰ বাবে হয়তো বহু সমস্যা কঢ়িয়াই আনিব। নৱপ্ৰজন্মৰ বাবে কিতাপ অধ্যয়ণৰ প্ৰয়োজনীয়তা কিমান সেই সম্পৰ্কে চৰ্চা হোৱাৰ এই সময়ত অতিকে প্ৰাসংগিক হৈ পৰিছে, যাতে জীৱনৰ ওখোৰা-মোখোৰাত আঁত হেৰুৱাই বিচলিত হোৱাৰ আগতেই তেওঁলোকে নিজকে সামৰাৰ বাবে সক্ষম হৈ উঠিব পাৰে,আৰু এই সকলোবোৰৰ বাবে প্ৰয়োজনীয় বিষয়টোৱেই হৈছে জীৱন উপলব্ধি আৰু এই বিষয়ত কিতাপৰ বাহিৰে অন্য কোনোৱেই আমাক সুস্থিৰ আৰু সবল কৰি তুলিব নোৱাৰে।গতিকে সাম্প্ৰতিক প্ৰেক্ষাপটত এই সকলোবোৰ কথা আজিৰ প্ৰজন্মটোৱে অনুধাৱন কৰি নিজকে এই বিষয়বোৰৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ সময় আহি পৰিছে।লগতে প্ৰয়োজন হৈছে অভিভাৱক সকলৰ দায়িত্ব আৰু সচেতনতাৰো,প্ৰয়োজন হৈছে এই বিষয়বোৰৰ ওপৰত বিস্তৃত ভাৱে কিছু আলোচনাৰ,যাতে নতুন কিছু পথৰ সন্ধান আমি পাওঁ।
No comments:
Post a Comment