অসমীয়া প্ৰাণৰো প্ৰাণৰ বুকুৰ আপোন উৎসৱটোৱেই হৈছে ব'হাগ বিহু। অসমীয়া জাতীয় জীৱনক সমৃদ্ধিশালী কৰিবলৈ সক্ষম হোৱা ব'হাগ বিহুৱে অসমীয়া জাতিক এক শক্তিশালী চহকী সংস্কৃতি অধিকাৰী জাতিত পৰিণত কৰিছে।ব'হাগ বিহু অসমীয়া জাতীয় জীৱনৰ ঐতিহ্যৰ ধাৰক আৰু বাহক।ব'হাগ বিহু যেতিয়ালৈকে জীয়াই থাকি তেতিয়ালৈকে অসমীয়া জাতিও জীয়াই থাকিব। অসমীয়া জাতিৰ স্বাভিমান ব'হাগ বিহু আজি কিছু পৰিমাণে সংকটৰ গৰাহত পৰিছে। বিহুক ক্ষতি সাধন কৰিবলৈ চেষ্টা কৰা বিভেদকামী অপশক্তিৰ বিৰুদ্ধে আমি যুঁজ দিবৰ সময় হ'ল।
উছৱ অহাৰ লগে-লগে আলোচনী সমূহে বজাৰ দখল কৰি আহিছে।ব'হাগ বিহুৰ বসন্ত বিশেষ আলোচনীবোৰত প্ৰকাশিত কবিতা, গল্প, উপন্যাস, প্ৰৱন্ধ-নিবন্ধবোৰে এসময়ত বজাৰ দখল কৰিছিল।যাৰ জড়িয়তে সাহিত্য পথাৰখন চহকী হৈছিল।আজি কিন্তু বিশ্বায়নৰ যুগত প্ৰকাশিত আলোচনী সংখ্যা তেনেই নগণ্য।আজি AI প্ৰযুক্তিৰ যুগত কিতাপ, আলোচনী পঢ়া পাঠকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আহিছে।ছপা আখৰত আলোচনী,কিতাপ পঢ়াৰ যিটো সুখ আছে গুগল,ইন্টাৰনেট, ফেচবুকত পঢ়া সিমানটো মাদকতা নাই।আমি উছৱৰ বতৰত প্ৰকাশিত আলোচনীবোৰ কিনি পঢ়া উচিত। এনে কৰিলেহে আমাৰ অসমীয়া সাহিত্য ভৰাল চহকী হৈ থাকিব।লগতে কিতাপ, আলোচনীৰ সুগন্ধিয়ে সকলোকে সুখী হৈ থকা এক অনন্য সুখানুভূতি প্ৰদান কৰিব।
শব্দ-সাঁকোৰ সমূহ লেখক,পাঠকলৈ ব'হাগ বিহুৰ ওলগ জনালোঁ।
প্ৰকাশ পালে আপোনাৰ প্ৰিয় শব্দ-সাঁকোৰ ৰঙালী বিশেষ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ ডাউনলোড লিংকত ক্লিক কৰকঃ আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।
No comments:
Post a Comment