❖শব্দ-সাঁকো ❖ সংখ্যাঃ৩৫ ❖ এপ্ৰিল-২০২৪

বসন্ত বিশেষ সংখ্যাঃ

বৰ্তমান সম‌য়ত দেখা গৈছে যে পৰিৱৰ্তনৰ বতাহ জাকে আমাৰ প্ৰকৃতিলৈও পৰিৱৰ্তন আনি দিছে। আজিকালি বৃহৎ অট্টালিকা, কল-কাৰখানা, ৰাস্তা -ঘাট আদি বনোৱাৰ ফলত ডাঙৰ গছবোৰ কাটি নোহোৱা কৰিছে।যাৰ বাবে কুলি-কেতেকী চৰাইৰ মাত নুশুনাৰ দৰে হৈছৈগৈ। আগতে কুলি -কেতেকীৰ মাতত বিহু অহাৰ আগজাননী পোৱা যায়। আজিকালিৰ নৱ প্ৰজন্মই কেৱল ছবিৰ জৰিয়তেহে যেন চৰাইবোৰৰ লগত চিনাকি হোৱা দেখা যায়।


          আগতে গাঁৱৰ জীয়ৰী বোৱাৰীয়ে বিহুৰ সময়ত তাঁতৰ শালত ৰুমাল, গামোচা, টঙালি বৈ মাকুৰে খিটখিটাই থাকে।গৰকা আৰু মাকুৰ শব্দই বিহু অহাৰ আগজাননী দিয়ে। মৰমৰ বিহুৱান খন নিজ হাতেৰে বৈ চেনাইলৈ বুলি আলফুলে সাঁচি ৰখা হয়। বিহুত আপোনজনক নিজ হাতেৰে বোৱা গামোচাখন দিয়াৰ আনন্দকনেই সুকীয়া।


           আজিকালি গাঁৱত তাঁতৰ শালৰ ঠাইত ডাঙৰ ডাঙৰ উদ্যোগ গঢ়ি উঠাৰ ফলত মেছিনত বোৱা গামোচাৰ প্ৰভাৱ বৃদ্ধি পাইছে।আগতে জীয়ৰীহঁতে গাঁৱত বিহুৰ আখৰা কৰে।ঢোল পেঁপাৰ মাতে গা সাতখন আঠখন কৰে। কিন্তু আজিকালি তাৰ ঠাইত দেখা গৈছে, বিভিন্ন অনুষ্ঠান গঢ় দি পইচা খৰচ কৰি বিহুৰ আখৰা ঠায়ে ঠায়ে আৰম্ভ কৰিছে। বিহুৰ পৰম্পৰা যেন দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে।গাঁৱৰ বিহু ক্ৰমে চহৰমুখী হৈছে।চোতালৰ বিহুৱে মঞ্চত বেছিকৈ ঠাই পাইছে।সেয়েহে দেখা গৈছে যে বিহুৰ ক্ষেত্ৰটো বহুত পৰিৱৰ্তন আহি পৰিছে।আজিকালি বিহু অহাৰ আগজাননী প্ৰকাণ্ড হৰ্ডিংচ আৰু অনলাইনৰ বিভিন্ন ৰেহাই মূল্যত দিয়া বস্তুৰ বিজ্ঞাপনৰ পৰাহে পাওঁ।আগতে বহাগৰ আগে আগে নতুন নতুন গানৰ কেছেট ওলায়।ঘৰে ঘৰে বজাই বিহু অহাৰ আগজাননীয়ে ঘৰখন বিহু মুখীয়া কৰি তুলে।এটি সুকীয়া আমেজ এই বিহু কেছেটৰ পৰাও পোৱা গৈছিল। বিহু নামৰ লগত কৃষি, তাঁতশাল, নীতি-নিয়ম আদিকে কৰি বহু কাহিনী জড়িত হৈ আছে।আজিৰ প্ৰজন্মই বহু বস্তু চিনি পোৱাটো বাদেই নামেই হয়তো শুনি পোৱা নাই।বৰ্তমান আমাৰ জাতীয় কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত ৰঙালী বিহু যেন ক্ৰমে প্ৰতিযোগিতালৈ পৰিৱৰ্তন হৈছে।


প্ৰকাশ পালে অসমীয়া ফ্লিপিং আলোচনী শব্দ-সাঁকোৰ বসন্ত বিশেষ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক।


আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।



❖শব্দ-সাঁকো ❖ সংখ্যাঃ৩৩ ❖ জানুৱাৰীত-২০২৪

নৱবৰ্ষ বিশেষ সংখ্যাঃ

শীতৰ আগমনত যেন কুঁৱলিবোৰ ক্ৰমে নামি আহে ধৰাৰ বুকুলৈ।আঘোণৰ সোণোৱালী পথাৰৰ অপৰূপ সৌন্দৰ্য্যত আমি মুগ্ধ হও।শীতৰ‌ পৰা ৰক্ষা পাবলৈ জুইৰ উমাল সান্নিধ্যত আমি এক আনন্দ লাভ কৰোঁ।শীতত নিয়ৰৰ টোপাল পৰি দুবৰিবোৰ মুকুতাৰ দৰে জিলিকি উঠে।ঠেটুৱৈ ধৰা জাৰত কঁপি কঁপি সকলোৰে অৱস্থা একেবাৰে বেয়া হৈ পৰে।এই শীত অৰ্থাৎ আঘোণৰ সময়ছোৱাত কৃষকৰ সপোনবোৰ সোণোৱালী ধানে পূৰণ কৰে।পথাৰত দাৱনিয়ে বিহু নাম,বিয়ানামেৰে ধান দোৱা দৃশ্য কি যে মোহনীয়।ৰবাব টেঙাৰ জুতিয়ে দাৱনিক পথাৰলৈ বৰকৈ টানে।মাজে মাজে নৰা পেঁপাৰ মাতেও পথাৰত এক অনন্য আমেজ দিয়ে।

             কবিৰ কবিতাত প্ৰাণ পাই উঠে আঘোণৰ প্ৰাকৃতিক পৰিবেশ।শীতৰ নানা কথা, লগতে চিৰযৌৱনা ডেকা গাভৰুৰ মতলিয়া হৈ পৰা মনবোৰে যেন কিবা বিচাৰি ফুৰে। এই সময়তে ইংৰাজী পুৰণি বছৰে মেলানি মাগি নতুন বছৰে সকলোকে আদৰণি জনায়।পাহাৰ, নদ-নদীৰ লগতে বিভিন্ন নৈসৰ্গিক পৰিবেশ বোৰ যেন এই সময়ত প্ৰাণচঞ্চল হৈ পৰে।বনভোজৰ লগতে পৰ্যতক সকলে আহি ভিৰ কৰেহি।চুঙা চাউলৰ জুতি আৰু চেৱাত দিয়া বৰা চাউলে জিভাৰ পানী বাৰকৈয়ে পেলায়। শেষত সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনোৱাৰ লগতে সকলোৰে কুশল কামনা কৰিলোঁ।


প্ৰকাশ পালে অসমীয়া ফ্লিপিং আলোচনী শব্দ-সাঁকোৰ নৱবৰ্ষ বিশেষ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক।



আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।



❖শব্দ-সাঁকো ❖ সংখ্যাঃ৩১ ❖ অক্টোবৰ-২০২৩

শাৰদীয় বিশেষ কবিতা সংখ্যাঃ 


আহিন মানেই যেন শেৱালি ফুলাৰ বতৰ। আহিন মানেই যেন দুবৰিত নিয়ৰ পৰি মন প্ৰাণ পুলকিত কৰাৰ সময়।আহিন-কাতি মাহৰ সময়খিনিয়েই হৈছে শৰৎ ঋতুৰ সময়। আটাইকেইটা ঋতুৰ দৰে শৰৎ ঋতু এটি ভাল লগা ঋতু।কাৰণ শৰতৰ আগমনে চৌদিশে আনন্দৰ লহৰ তুলে। গ্ৰীষ্মৰ উত্তাপক বিদায় দি শৰতৰ পুৱা বৈ অহা উমাল বতাহ জাকক অনুভৱ কৰাৰ সময় সমাগত হয়।শৰৎ ঋতুত সৌন্দৰ্যৰ মাধুৰী সানি কবিৰ কবিতাত প্ৰাণ পাই উঠে শৰৎ বা আহিনৰ অনুভৱ।বকুল,শেৱালিৰ সুগন্ধি চাৰিওফালে বিয়পি পৰে আৰু এই সময়ে প্ৰেমিক-প্ৰেমিকাৰ মনো চঞ্চল কৰি তুলে।গীতটো ঠাই পায় আহিনৰ অনুভৱে।নিয়ৰবোৰে দুবৰি বনত পৰি মুকুতাৰ দৰে তিৰবিৰাই থাকে।

           এই সময়তে দুৰ্গা পূজা, কালী পূজা,লক্ষ্মী পূজা,দেৱালী, কাতি বিহু আদি পালন কৰা হয়।চাৰিওদিশে পোহৰৰ উৎসৱে বিৰাজমান হৈ পৰে। সেউজীয়া ধাননি পথাৰত গেৰ ধৰা ধানৰ থোকবোৰে খেতিয়কৰ সপোনবোৰ পূৰঠ কৰে। এই শৰততেই ভগৱান শ্ৰীকৃষ্ণৰ ৰাস লীলায়ো মানুহৰ মনলৈ এক আনন্দ কঢ়িয়াই আনে।মুঠতে শৰতৰ আগমনে চৌদিশে এক অপৰূপ সৌন্দৰ্য্যৰ সৃষ্টি কৰি মানুহৰ মন প্ৰাণ ভৰাই তুলে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে সেয়ে কবিতাত লিখিছেঃ-


     আকৌ এদিন আহিব শৰত

     হাঁহিব শেৱালি পাহি

     থৰ ধৰি ধৰি কৰিব নৰ্তন

     খঞ্জনী পক্ষীটি আহি।


প্ৰকাশ পালে অসমীয়া ফ্লিপিং আলোচনী শব্দ-সাঁকোৰ শাৰদীয় বিশেষ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক।



আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।



❖শব্দ-সাঁকো ❖চতুৰ্থ সংখ্যা ❖তৃতীয় বৰ্ষ ❖এপ্ৰিল-২০২৩

বসন্ত বিশেষ সংখ্যাঃ


“কৃষ্ণাইৰ মূৰৰে বকুলফুল এপাহি নিয়ৰ পাই মুকলি হ'ল ঐ...গোবিন্দাই ৰাম”


এনেদৰেইঅসমীয়াৰ প্ৰাণত বিয়পে ব'হাগ।ডালৰ কপৌ, নাহৰ,কুলি-কেতেকীৰ মাতত জীপাল হয় ব'হাগী দুপৰীয়াবোৰ।মনেৰে ব'হাগক আদৰিবলৈ সাজু হয় প্ৰত্যেক জন অসমীয়া।ঢোল-পেপাৰ মাতত বুকু কপে চেনাই-চেনেহীৰ,প্ৰত্যকজোৰা হুঁচৰিৰ আশীষত ধন্য হয় অসমীৰ বুকু...এয়া আছিল আগৰ ব'হাগ।


এতিয়াৰ ব'হাগৰ সংজ্ঞা বেলেগ হ'ল।এতিয়াৰ ব'হাগৰ হুঁচৰিৰ আশীষ লোৱাৰ সুযোগ নাপায় প্ৰত্যেক জন অসমীয়াই।কাৰণ মনৰ ধনী হ'লেও টকাৰ ধনী হ'ব নোৱাৰে সকলো।এতিয়াৰ ব'হাগী হুঁচৰিৰ আশীষ জোখা হয় টকাৰ পৰিমাণেৰে।এতিয়াৰ হুঁচৰিয়ে শুৱনি কৰে সেইখন চোতাল যি চোতালত নাচনিৰ ভৰি পিছলে মাৰ্বল পাথৰৰ ওপৰত।চোতালৰ দূবৰি বন আৰু এতিয়া ঢুলীয়া-নাচনীৰ ভৰিৰ খোজত নমৰে,কাৰন দূবৰিত নাথাকে টকাৰ সুৱাস,থাকে কেৱল কেচা মাটিৰ গোন্ধ।


কিহৰ বাবে এই বৈষম্য।কি বিছাৰিছো আমি–নিজেই নিজৰ ওচৰত হেৰাই গৈ থকা নাইনে??ব'হাগ আমাৰ উশাহ,ৰঙালী আমাৰ প্ৰাণ–ইয়াতো টকাৰ জোখ কিয়??যি সকলে ১০০১ টকাৰ ওপৰত হুঁচৰিৰ শৰাইখন শুৱনি কৰিব নোৱাৰে তেওঁলোকৰ এই আশীষ লোৱাৰ অধিকাৰ নাই নেকি??আমাৰ ককা-আজোককাৰ দিনতটো এই বৈষম্য নাছিল!তেনেহ'লে আমাৰ মনত এই বৈষম্য কিহৰ বাবে??আৰু এই বৈষম্যৰ ভাব লৈ আমি কেনেদৰে ক'ব পাৰিছো যে ৰঙালী আমাৰ বাপতিসাহোন উৎসৱ??আচলতে আমি বাৰে-বাৰে অপমান কৰিছো আমাৰ উপৰিপুৰুষসকলক।


এনেদৰেই হেৰুৱাইছো আমি আমাৰ অস্তিত্ব।কাৰন এনেধৰনৰ বৈষম্যৰ বলী হৈয়ে আমি বুকু ডাঠি ক'ব নোৱাৰো যে আমি অসমীয়া,আমি সচাকৈয়ে পাহৰি পেলাইছো ব'হাগৰ সংজ্ঞা।।


প্ৰকাশ পালে অসমীয়া ফ্লিপিং আলোচনী শব্দ-সাঁকোৰ বসন্ত বিশেষ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক।



আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।

❖শব্দ-সাঁকো ❖ তৃতীয় সংখ্যা ❖তৃতীয় বৰ্ষ ❖মাৰ্চ-২০২৩

নাৰী বিশেষ সংখ্যাঃ

দেশে দেশে গল্প
দেশে দেশে কবিতা
গল্পত শেষ হয় নাৰী
কবিতাত আৰম্ভ হয় নাৰী ...
নাৰীৰ দেহত সংলাপ , 
নাৰী দেহত যতিচিহ্ন ।

কেৱল নাৰীয়েই কিয় ! চাৰিওফালে কেৱল হতাশা ,স্তব্ধ উশাহ । হত্যা বুলি ক'লে নাৰীৰ টুকুৰা টুকুৰ দেহ ।আত্মহত্যা বুলি ক'লে নাৰীৰ দেহ ।বলাত্কাৰ বুলি ক'লে নাৰীৰ দেহ ।

স্বাধীন দেশত আজি পৰাধীন নাৰীৰ কণ্ঠ কোলাহল । চৌদিশে কেৱল ৰাঙলী তেজৰ ফাকু । ইয়াৰ পাছতো কোনে কয় আমি স্বাধীন দেশৰ জনতা । এই দেশ স্বাধীন নে ! হয় মানি লৈছোঁ এই দেশ স্বাধীন আৰু আপুনি ..? কেৱল সেয়াই নেকি ?নহয় , নাৰীৰ হাতত মৃত্যু হয় নাৰী । নাৰীৰ হাতত বন্দী হয় নাৰী । ৰক্ষকেই ভক্ষণ কৰে দেহ । বিশ্বাস কৰিম কাক ? নাৰীৰ হাতত বলাত্কাৰ হৈছে নাৰী । প্ৰকৃততে হৈছে কি এয়া । কোনে নেতৃত্ব দিব আমাক ।কোনে নেতৃত্ব দিব শান্তিক । কোনে নেতৃত্ব দিব সুখক । আমি পামনে সহাঁৰি । আহক আমি নিজেই নিজক নেতৃত্ব দিওঁ ,ৰক্ষা কৰো সমাজ , ৰক্ষা কৰো দেশ ,ৰক্ষা কৰো আমি আমাৰ জাতি ,আমাৰ অস্তিত্ব , আমি মানুহ হোৱাৰ অস্তিত্ব ।

প্ৰকাশ পালে অসমীয়া ফ্লিপিং আলোচনী শব্দ-সাঁকোৰ নাৰী বিশেষ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-

                         





আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।
                                     

     

❖শব্দ-সাঁকো ❖ দ্বিতীয় সংখ্যা ❖তৃতীয় বৰ্ষ ❖ফ্ৰেব্ৰুৱাৰী-২০২৩

প্ৰেম বিশেষ সংখ্যাঃ

ৰোমাণ্টিক যুগৰ কবিতাৰ বৈশিষ্ট্যসমূহ ৰোমাণ্টিক ভাবাদর্শৰে পৰিচালিত হোৱাৰ বাবে এই যুগৰ কবিতাসমূহক ৰোমাণ্টিক কবিতা বুলি কোৱা হয় । ৰোমাণ্টিক যুগৰ কবিতাৰ এটা বিশেষত্ব হ'ল প্ৰেম । প্ৰেম বুলি ক'লে আমি কি বুজোঁ । প্ৰেম বুলি ক'লে ডেকা-গাভৰুৰ মাজত হোৱা প্ৰেমৰ কথাকে সূচায় নেকি ! নিশ্চয় নহয় । প্ৰেম বুলি ক'লে যিকোনো প্ৰেম হ'ব পাৰে- প্ৰকৃতি প্ৰেম , দেশ প্ৰেম , মানৱ প্ৰেম আদি । প্ৰেমৰ কবিতাৰ মাজত যিকোনো প্ৰেমৰ কথাৰ চিত্ৰ- বিচিত্ৰ ৰূপ প্ৰকাশ পাব পাৰে । জাতীয় জয়গান, গ্ৰাম্য সৰল জীৱনৰ প্ৰতি আকৰ্ষণৰ প্ৰকাশ, অতীত প্ৰেমৰ প্ৰকাশ, সহজ-সৰল মানুহৰ জীৱনৰ সহানুভূতিশীল চিত্ৰণ , প্ৰিয়াৰ ৰূপ বৰ্ণনা এই সকলোতে প্ৰকাশিত হয় একোখন প্ৰেম ছবি ।

ৰোমাণ্টিক কবিতাই প্ৰথমবাৰৰ সাধাৰণ মানুহৰ জীৱনত প্ৰেমৰ ভূমিকাৰ মনোনিৱেশ কৰে । বেজবৰুৱাৰ দৃষ্টিত প্ৰেমেই জগতৰ ধৰণী । এই প্ৰসংগত বেজবৰুৱাৰ একমাত্ৰ মনোৰম উক্তি -

            " প্ৰেমত ঘূৰিছে ভূ-মণ্ডল

              প্ৰেমত ঘূৰিছে শতদল ।"

ৰোমাণ্টিক কবি সকলে প্ৰেমৰ মহানতাক বৰ শলাগিছিল" প্ৰেমত ঘূৰিছে ভূ-মণ্ডল/ প্ৰেমত ঘূৰিছে শতদল " বুলি । তেওঁলোকে প্ৰেমক অপাৰ মৰ্য্যদা প্ৰদান কৰিছিল ।কিন্তু আধুনিক কালৰ কবি সকলে প্ৰেমৰ মহানতাক আৰু পেনননি দুয়োটাকে উপেক্ষা বাস্তৱানুগ দৃষ্টিত প্ৰেমক বিচাৰ কৰিবলৈ আৰম্ভ কৰিলে ।বাৰে ৰহণীয়া কল্পনাক বাদ দি বাস্তৱক সাবটি লৈ তেওঁলোকে প্ৰেমৰ ক্ষেত্ৰত নতুন সংজ্ঞা আৰু সংবেদনা সৃষ্টি কৰিলে ।কবি চৈয়দ আব্দুল মালিকে তেওঁৰ " ফুল শয্যাৰ ৰাতি" নামৰ কবিতাত প্ৰেয়সীক কৈছে -

"সাদিন পাচত শেষ হ'ব ছুটি

আঁতৰা-আঁতৰি হ'ম আমি দুটি,

তোমাৰ হাতত ৰ'ব চৰু ছাই

মোৰ হাত ক'লা কলম তিয়াই;

কাগজত মই আঁকি পাৰি যাম

এহাতেৰে মচি কপালৰ ঘাম;

সেই অঁকাবোৰ তুমি আৰু মোৰ

কপালতো হ'ব লেখা;

ছুটী দিয়ে যদি ঘূৰি ফাগুনত

হ'ব পুনৰায় দেখা ।"


আহকচোন আমি আগবাঢ়ি যাওঁ প্ৰেমৰ মাজেৰে এই জীৱন । ভালপাওঁ নিজক আৰু সমাজক । ভালপাওঁ এই দেশৰ মাটি আৰু মানুহ ।


প্ৰকাশ পালে অসমীয়া ফ্লিপিং আলোচনী শব্দ-সাঁকোৰ প্ৰেম বিশেষ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-

                         


               

আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।
    

❖শব্দ-সাঁকো ❖ প্ৰথম সংখ্যা ❖তৃতীয় বৰ্ষ ❖জানুৱাৰী-২০২৩

অপৰাহ্নত জীৱনৰ ৰংঃ


কেৱল অপ্ৰাপ্তি কিয়? আহক,আজি প্ৰাপ্তিৰ হিচাপ কৰোঁ―|মেলি দিওঁ অদূৰলৈ সুখৰ পানচৈ খনি,

শীতে সেমেকোৱা পুৱা এটিৰ এলেহুৱা কুণ্ডলীবোৰৰ মাজে মাজে উৰুৱাই দিওঁ দুচকুত লুকুৱাই ৰখা দুখৰ হুমুনিয়াহটো―|

আহক আজি সংজ্ঞা লিখোঁ জীৱনৰ!আজি সংজ্ঞা লিখোঁ সুখৰ!দুহাতত হাত থৈ সুমথিৰাৰঙী এটি কণমানি সপোনৰ আঁত ধৰি বাকি দিওঁ এপিয়লা জীৱন এটি ৰৌদ্ৰস্নাত কলিজাৰ উষ্ণ আবেশত!

এই যে কপালত বেলি অঁকা এটি তেজাল পুৱাৰ হেঁপাহত দুচকু মুদ খাই আহে,আহক সেই হেঁপাহবোৰৰ হিচাপ কৰোঁ―উশাহৰ আবেশত সুমুৱাই লৈ সেই কণমানি হেঁপাহটোক আলফুলে ডাঙৰ কৰোঁ...সি হৈ উঠক জীয়াই থকাৰ সকাহ!

আহকচোন আলফুলে বুকুত সাঁচো এখনি সেউজীয়া অৰণ্যৰ এটি সাধু|এই ছাঁতেই জীৰাওক হাজাৰটা ৰংহীনতাৰ হুমুনিয়াহ!..

আহক জীৱনৰ এই নিচাত আমি ডুব যাওঁ, মাতাল হ‌ওঁ,জী উঠো!...বুকুত ৰুই লোৱা এই নিচাটোৰ ঠাল ঠেঙুলিবোৰ বাঢ়িবলৈ দিওঁ,এজোপা গছ হ'বলৈ দিওঁ―!সেই গছৰ ছাঁত জীৰাবলৈ দিওঁ আৰু কেইটামান নিচাসক্ত জীৱনক|

কলিজাত সী ল‌ওঁ আহক বেবেৰিবাং কিছু কথাৰে এটি গধূৰ দুপৰীয়া|আপুনি হৈ উঠক কোনোবা স্বপ্নাতুৰ দেশৰ মানুহ,সেই স্বপ্নৰ আৱেশত জী উঠক এটি ৰিক্ত কলিজাৰ এটি আধালিখা কবিতা!...

আহক জীৱন আঁকো সুখৰ ৰঙেৰে

চৌপাশত সিঁচি দিওঁ সেই ৰঙৰ ফুল!

উজ্বলি উঠক সিঁহত―

জুই হৈ,তৰা হৈ,নৈ হৈ,এজাক সেউজীয়া বৰষুণ হৈ―।

শুভাষা নতুনৰ।


প্ৰকাশ পালে অসমীয়া ফ্লিপিং  আলোচনী শব্দ-সাঁকোৰ নৱবৰ্ষৰ প্ৰথম সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-



আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।

সাফল্যৰ পঞ্চম বৰ্ষ

 



অসমৰ অন্যতম সাহিত্য চৰ্চাৰ গোট শব্দ-সাঁকোৰ পঞ্চম বাৰ্ষিক অধিৱেশন

যোৰহাটতস্থিত প্ৰীতম ভৱন তথা লেখিকা সমাৰোহ সমিতিৰ স্থায়ী ভৱনত যোৱা ১১ নৱেম্বৰ শুক্ৰবাৰে অসমৰ অন্যতম সাহিত্য চৰ্চাৰ গোট শব্দ-সাঁকোৰ পঞ্চম বাৰ্ষিক অধিৱেশন সফলতাৰে সমাপ্তি ঘটে। পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা অধিৱেশনত বন্তি প্ৰজ্বলন কৰে বৈষ্ণৱ সাহিত্যিক লক্ষীৰাম দুৱৰা দাসে। সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক মৃদুল শইকীয়াই। অসমৰ প্ৰায় প্ৰতিখন জিলাৰ পৰা অহা সাহিত্যনুৰাগী প্ৰতিনিধি সকলৰ উপস্থিতিত সুন্দৰকৈ অনুষ্ঠিত হয় বাৰ্ষিক অধিৱেশন । দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত উক্ত বাৰ্ষিক অধিৱেশনত আঁত ধৰে শব্দ-সাঁকোৰ সম্পাদক ৰিতু ভৰালীয়ে।

উক্ত অধিৱেশনত কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয় ক্ৰমে হৃদয়ৰ আত্মকথা, আবেলি বেলি, সপোনৰ জোনাকী বাট,এৰাসূঁতিৰ পাৰত বহি, বহুদিন হ'ল নদী দেখা নাই আৰু সঞ্চালক দাদুমণি বৰাৰ লগতে মুখ্য সম্পাদক মনশ্ৰী হাজৰিকাৰ দীৰ্ঘ দিনীয়া ফচল অসমৰ অন্যতম শব্দ-সাঁকো সাহিত্য চৰ্চাৰ গোটৰ দ্বাৰা প্ৰকাশিত ৰিতু ভৰালী আৰু মনশ্ৰী হাজৰিকাৰ সম্পাদনাত "শব্দ-সাঁকো" বাৰ্ষিক আলোচনীৰ ছপা সংখ্যাকে ধৰি মুঠ ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। শব্দ-সাঁকো আলোচনীখন উন্মোচন কৰে শিল্প ৰত্ন বঁটা প্ৰাপক পঙ্কজ বৰুৱা গায়নে । বিশিষ্ট অতিথি হিচাপে টীয়ক শাখা কবি সন্মিলনৰ সম্পাদক বিমান শইকীয়া দেৱ উপস্থিত থাকে আৰু বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে ক্ৰমেঃ ৰিয়াৰানী দত্ত,অলি বৰুৱা,ৰমেন শইকীয়া,অনিমা নেওগ আৰু ধন দাস।

এই অনুষ্ঠানত অসমৰ কেবাগৰাকী কবি তথা সাহিত্যি-সংস্কৃতিৰ লগত জড়িত ব্যক্তিক আনুষ্ঠানিক ভাৱে বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়। সেই সকলৰ ভিতৰত “নাৰায়ণপুৰৰ সীতা দেৱীক কাব্য ৰাগিনী উপাধি, ডিব্ৰুগড়ৰ ৰাজশ্ৰী সেনাপতি গগৈক কাব্য নন্দিনী উপাধি আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়। 

তাৰোপৰি আড়ম্বৰপূৰ্ণ এই অনুষ্ঠানতে দিপ্তী নাথক বৰ্ষশ্ৰেষ্ঠ গল্পকাৰ সন্মান আৰু ববী পাটগিৰীক বৰ্ষশ্ৰেষ্ঠ সমাজ কৰ্মী আৰু নিৰঞ্জন দাসক বিপ্লৱী সাংবাদিক সন্মানেৰে বিভূষিত কৰা হয়। আৰু শব্দ-সাঁকোৰ সাহিত্য সৌৰভ বঁটা ক্ৰমেঃ জ্যোতিপ্ৰসাদ শইকীয়া,গীতা বৰা, হিৰণ্য দত্ত,দীপিকা দাস,দীলিপ পৰাজুলিক প্ৰদান কৰা হয়। উৰ্বশী মৰাণ,ৰূপালী গগৈ চুতীয়া,পাহাৰী শইকীয়া,স্বৰ্ণালী গগৈ আৰু জ্যোতিকা দেউৰীক সাহিত্য প্ৰেৰণা বঁটা প্ৰদান কৰা হয়।

লগতে এই অনুষ্ঠানটি সংগতি ৰাখি অমূল্য চেতিয়া আৰু বিকি কৰ্ণাণীক শব্দ-সাঁকো পৰিয়ালৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়।

লগতে সদৌ অসম ভিত্তিত আয়োজিত অণুগল্প প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় । আমন্ত্ৰিত কণ্ঠশিল্পী প্ৰণৱ প্ৰতিম নাথ আৰু জিতুমণি দাসে গীত পৰিবেশন কৰে , দুইজনকে 'শব্দ- সাঁকো'ৰ পৰিয়ালৰ তৰফৰ পৰা সন্মান জনোৱা হয় । অসমৰ বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত কবি ক্ৰমেঃ বৰষা কাশ্যপ,সীমা দাস,ৰেখা বৰকটকী,পংকজ দাস,লোকেন্দ্ৰ কুমাৰ দাস,অমৰজিৎ হাজৰিকা,বিকি নেওগ , গীতাশ্ৰী বৰা,জয়শ্ৰী বৰা,বিশ্বজিৎ দাস আৰু ৰিছা কলিতাৰ কণ্ঠত শৰতৰ আৰু আঘোণৰ কবিতা পাঠ হয় ।




সদৌ শেষত 'শব্দ-সাঁকো'ৰ সঞ্চালক দাদুমণি বৰা আৰু সভাপতি জ্যোৎস্না বৰা শইকীয়াৰ অলেখ কষ্টৰ বিনিময়ত আৰু সম্পাদক ৰিতু ভৰালীৰ শলাগৰ শৰাইৰে “শব্দ-সাঁকো'ৰ পঞ্চম বাৰ্ষিক অধিৱেশন” সফলতাৰে সামৰণি পৰে ।

❖শব্দ-সাঁকো ❖দ্বিতীয় বৰ্ষ ❖অষ্টম সংখ্যা

শাৰদীয় বিশেষ সংখ্যাঃ

কবিতাৰ ব্যঞ্জনা কি ? সেয়া সংজ্ঞাৰে প্ৰকাশ কৰাতকৈ আমি যদি একোটা কবিতাক আগত ৰাখি ব্যাখ্যা কৰোঁ তেনে কবিতাৰ ব্যঞ্জনাৰ এক সুন্দৰ প্ৰকাশ ঘটিব ।

             “বহু দিন কবিতা লিখা নাই 

     বৰষুণ এজাকলৈ বাট চাই থকাৰ দৰে

কবিতা এটালৈ বাট চাই আছিলোঁ....” (মৌচুমী বৰি)

বৰষুণ হৈছে আশাৰ প্ৰতীক । ইয়াত বৰষুণৰ টোপালবোৰে কবিক আবেগিক কৰি তোলা দেখা যায় । কবিতাটোত কবিক উন্মনা কৰিছে অৰ্থাৎ কবিয়ে কবিতাৰ মাজত সুন্দৰ কাব্যিক ব্যঞ্জনা প্ৰকাশ কৰিছে ।

নিশ্চয় আমি বুজি নহয়নে , যাৰ দ্বাৰা কবিয়ে কবিতা একোটাত নৱ- নতুন অলংকাৰ পিন্ধাই সুন্দৰ ৰূপত সজাই তোলে তাকেই সাধাৰণ অৰ্থত কবিতাৰ ব্যঞ্জনা বুলিব পাৰি ।

হয় , কবিতাক সজীৱ , প্ৰাণস্পৰ্শী আৰু গভীৰ কৰি তোলে প্ৰতীকে । কাব্যিক ব্যঞ্জনা সৃষ্টিত প্ৰতীকে প্ৰধান ভাৱে সহায় কৰে । যিবিলাক বস্তু সম্পূৰ্ণৰূপে আমাৰ বুদ্ধিৰ দ্বাৰা গ্ৰাহ্য নহয় , সেইবিলাক বস্তুৰ ইংগিত দিবৰ বাবে প্ৰতীকৰ সহায় লোৱা হয় । এই ইংতিধৰ্মিতাৰ বাবেই কবিতাৰ অৰ্থ অস্পষ্ট আৰু ব্যঞ্জনাময় হয় ।


                অন্য এক কবিতাৰে যদি কবিতাৰ ব্যঞ্জনাৰ আমি লক্ষ্য কৰোঁঃ-

“চুলিৰ মেঘত লাহী আঙুলিৰ জোন ” - ইয়াত কবিয়ে ক'ব বিচাৰিছে চুলিৰ মাজত প্রেয়সীয়ে মৰমৰে হাত বুলাই থকাৰ কথা । সেয়ে লাহী আঙুলিৰ জোন হৈছে ' নখ ' ৰ প্ৰতীক । ক'লা মেঘেৰে ভৰা আকাশত জোনৰ দৰেই চুলিৰ মাজত বগা নখৰ লাহী হাত ।

“এজাক বৰষুণৰ কথাৰে” কবিতাত কবিয়ে সুন্দৰ কাব্যিক ব্যঞ্জনা প্ৰকাশ পাইছে । কবিয়ে কৈছেঃ-

“গুড়ি পৰুৱাহেন বৰষুণজাক কোণীয়াকৈ পৰিছিল 

সেউজীয়া পাতবোৰ বৰষুণৰ টোপাল পৰি 

ছন্দোময় হৈছিল 

হৰ্ঠাতে বৰষুণজাক বাঁহীৰ মিঠা সুৰ হৈ 

মোৰ কোঠালি বিয়পাই পলকতে আঁতৰি গ'ল”

            

           সচাকৈ কবিতাৰ কাব্যিক ব্যঞ্জনাৰ কথা লিখি কৈ শেষ কৰিব নোৱাৰি ।।


প্ৰকাশ পালে অসমীয়া ফ্লিপিং মাহেকীয়া আলোচনী শব্দ-সাঁকোৰ দ্বিতীয় বৰ্ষৰ অষ্টম সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-




আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।




 

❖শব্দ-সাঁকো ❖দ্বিতীয় বৰ্ষ ❖সপ্তম সংখ্যা

স্বাধীনতা দিৱসৰ কিছু প্ৰাসংগিক চিন্তাঃঃ


বৃটিছ শাসনৰ পৰাধীনতাৰ শিকলিডাল খুলি ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে আমি পোন প্ৰথমবাৰৰ বাবে স্বাধীনতা শব্দটোৰ লগত চিনাকি হ'লো।স্বাধীন এজাক উশাহৰ সন্ধানত আমি আগুৱালো — কিন্তু কিমান দূৰলৈ? সাতচল্লিছ চনৰ সেই স্বাধীনতা শব্দটোৰ লগত আজিৰ স্বাধীনতা শব্দটোৰ তুলনা হয় নে? – মুকলি আকাশৰ তলত ৰাষ্ট্ৰীয় পপতাকাখনউৰুৱাবলৈ আমাৰ মনবোৰ মুক্ত নহয়। অনবৰতে ভয়,শংকাই চেঁপি ৰখা মনবোৰ স্বাধীন বুলি কেনেকৈ কওঁ? চৌপাশৰ হত্যা, হিংসা, লুণ্ঠন, ধর্ষণ এইবোৰৰ মাজত স্বাধীনতা যেন উপেক্ষিত। মুক্ত মনেৰে আজিৰ মানুহে ওলাই যাবলৈ ভয় কৰে কাৰণ উভতি অহাৰ বাট কেতিয়া ৰুদ্ধ হ'ব কোনেও ক'ব নোৱাৰে। —এইয়া জানো স্বাধীনতাৰ সংজ্ঞা।মুকলি আকাশৰ তলত মুক্ত মনেৰে উশাহল'ব নোৱাৰা সাধাৰণ জনগনৰ মনত স্বাধীনতা শব্দটো উপেক্ষিত হোৱাটো স্বাভাৱিক। থিকেই, ব্ৰিটিছৰ শাসনৰ পৰা আমি মুক্ত হ'লো, কিন্তু আমাৰ নিজৰ মাজতে আমি সৃষ্টি কৰি লোৱা পৰাধীনতাৰ শিকলি ডাল কোনে খুলিব?হিংসা,বিদ্বেষ,হত্যা,ধর্ষণ,সন্ত্ৰাসৰ অদৃশ্য মেৰ পাশত আজিৰ স্বাধীনতা আবদ্ধ। সেই মেৰপাশ খোলাৰ সাহস আজি ৭৫ বছৰৰ পিছতো সম্ভৱ হোৱা নাই! এনে পৰিস্থিতিত স্বাভাৱিকতে এটাই প্রশ্ন মনলৈ আহে— আমি সঁচাকৈয়ে স্বাধীন নে?




প্ৰকাশ পালে অসমীয়া ফ্লিপিং মাহেকীয়া আলোচনী শব্দ-সাঁকোৰ দ্বিতীয় বৰ্ষৰ সপ্তম সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-



  

আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।


❖শব্দ-সাঁকো ❖দ্বিতীয় বৰ্ষ ❖ষষ্ঠ সংখ্যা

 অধ্যয়ণবিমুখীতা আৰু আজিৰ প্ৰজন্মঃ

ফৰাচী দাৰ্শনিক ভল্‌তেয়ৰে কৈছিল-‘‘কিতাপেই আধুনিক পৃথিৱীখন শাসন কৰি আছে৷’’ যি সমাজত কিতাপৰ স্থান নাই সেই সমাজ থকা বা নথকা একেই কথা৷—বৰ্তমান সময়ৰ প্ৰেক্ষাপটত এই কথাষাৰিৰ প্ৰাসংগিকতা বিচাৰিলে অযুত প্ৰশ্ন মনলৈ আহে, ভৱিষ্যতৰ ছবিখন কল্পনা কৰিলে আশংকাত বুকুখন কঁপি উঠে। সঁচাকৈয়ে কোন দিশলৈ গৈ আছে আমাৰ সমাজখন,নিজকে সুধি সুধিও এই প্ৰশ্নৰ সঠিক উত্তৰটো বিচাৰি নাপাওঁ।

        এটা সময় আছিল যি সময়ত এখন কিতাপ এবাৰ মেলি লোৱাৰ পিছত শেষ নোহোৱালৈ আমাৰ মনবোৰে খু-দুৱাই থাকে।বহু উজাগৰী নিশাও পাৰ কৰিছিলোঁ কিতাপৰ বুকুতে।মনে বিচৰা কিতাপখন হাতত নপৰালৈ মনটোত এক বিৰাট হাহাকাৰ,বহি ৰৈছিলো ঘন্টাৰ পিছত ঘন্টা বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰত। এতিয়াৰ উঠি অহা প্ৰজন্মটোৰ প্ৰায় আশী শতাংশৰে কিন্তু এখন কিতাপৰ প্ৰতি এই ধাউতিটো আমি দেখা নাপাওঁ।যান্ত্ৰিকতাত ডুব গৈ থকা এই প্ৰজন্মটোৰ বাবে আটাইতকৈ ‘বৰিং’ কামটোৱেই হৈছে কিতাপ পঢ়া। তেওঁলোকে পঢ়ে কেৱল নম্বৰ গোটাবৰ বাবে,প্ৰতিযোগিতাৰ দৌৰখনত নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবৰ বাবে। বাস্তৱ শূণ্য জীৱন এটা লৈ ম'বাইল, কম্পিউটাৰৰ পৃথিৱীখন সাৱটি বহি থকা এই প্ৰজন্মটোৰ বাবে কিতাপ হৈছে কেৱল প্ৰয়োজনীয় কিছু জ্ঞান আহৰণৰ আহিলা।

         মনত পৰে প্ৰায়েই নতুন কিতাপ এখন কিনি আনি ,পৃষ্ঠাবোৰ লুটিয়াই সেই সুৱাসত নিজৰ মাজতে মগ্ন হৈ ৰোৱা সেই সময়—,কিতাপখন পঢ়ি উঠি ইজনে-সিজনৰ লগত কৰা আলোচনাবোৰ,চৰিত্ৰবোৰক লৈ ৰচা কল্পনাবোৰ...কি যে এক মাদকতা আছিল।আজিও চোন এনে সুৱাসবোৰ বুটলি ফুৰাৰ হেঁপাহবোৰ আমাৰ শেষ নহয়, কিন্তু আজিৰ প্ৰজন্মৰ সৰহসংখ্যকৰ বাবে এইবোৰ সাধুকথা।

        অৱশ্যে,ম‌ই সকলোকে দোষাৰোপ নকৰোঁ বা কৰিব‌ও খোজা নাই।এই সকলৰ ভিতৰতো বহু উঠি অহা যুৱক-যুৱতী আছে,যি সকলে কৃত্ৰিম ৰংবোৰৰ বিপৰীতে বাস্তৱিক পৃথিৱীখন উপলব্ধি কৰিব বিচাৰে। তেওঁলোকে ইন্টাৰনেটৰ পৰিৱৰ্তে কিতাপ পঢ়ে,জীৱনটো উদযাপন কৰিবলৈ শিকে।সেইসকল আজিৰ প্ৰজন্মৰ সদস্যৰ ক্ষেত্ৰত সেয়েহে আমি বহু ধনাত্মক চিন্তাধাৰাও দেখিবলৈ পাওঁ।তেওঁলোক আগুৱাব বিচাৰে যোগাত্মক কিছু আদৰ্শেৰে।

        আমি সহজেই দেখিবলৈ পাওঁ উঠি অহা প্ৰজন্মটোৰ মাজত ধৈৰ্য্য,একাগ্ৰতা,স্থিৰতা আদি কথাবোৰ খুব কমেই থাকে।যিকোনো এটা বস্তু বা বিষয় তেওঁলোকে ধৈৰ্য্যৰে পাৰ কৰিব নোৱাৰে।এই সকলোবোৰৰ মূল কাৰণ হৈছে অধ্যয়ণবিমুখীতা। বহু সময় কিতাপ এখনত 

ডুবি থাকিব পৰা এজন ব্যক্তিৰ মনত থকা ধৈৰ্য্য আৰু একাগ্ৰতা কিন্তু আমি আজিৰ প্ৰজন্মৰ এজন সদস্যৰ মনত দেখা নাপাওঁ। একমাত্ৰ ডিজিটেল পৃথিৱীখনে মনবোৰ অস্থিৰহে কৰে,স্থিৰতা অনাত সহায় নকৰে।আমি সকলোৱে জানো কিতাপে মানুহক চিন্তাৰ খোৰাক দিয়ে৷যিবোৰ দেশত শিক্ষাৰ হাৰ বেছি, সেইবোৰ দেশত কিতাপৰ প্ৰচলনৰ সংখ্যাও বেছি।সাহিত্য সৃষ্টিৰ বাবেও কিতাপ অধ্যয়ন কৰাতো অপৰিহাৰ্য, যিকোনো এটা বিষয়ৰ ওপৰত সম্যক জ্ঞান নথকাকৈ লেখকে লেখা আগবঢ়াব নোৱাৰে।প্ৰসিদ্ধ কল্পবিজ্ঞান লেখক আৰ্থাৰ ছি. ক্লাৰ্কে (Arthur C.Clarke) কৈছিল, ‘‘লেখক হ’ব খুজিছা যদি দিনে কমেও এখন কিতাপ পঢ়িবা৷’’ সঁচাকৈয়ে নৱ প্ৰজন্মৰ যিসকলে সাহিত্য সৃষ্টি আৰু সমালোচনাৰ প্ৰতি গুৰুত্ব দিব খোজে, তেওঁলোকেও পাৰ্যমানে কিতাপ পঢ়াৰ প্ৰতি মনোযোগ দিয়া উচিত বুলি ম‌ই ভাবোঁ। কিন্তু কোনোবাখিনিত যেন এই অধ্যয়ণবিমুখীতাৰ কাৰণেই আমাৰ সমাজখন ৰৈ যাব লগা হয়।হয়, সাম্প্ৰতিক প্ৰেক্ষাপটত লেখকৰ সংখ্যা খুবেই বেছি, কিন্তু তাৰ তুলনাত পঢ়ুৱৈৰ সংখ্যা কিমান বাঢ়িছে,এই সকলোবোৰ চালি-জাৰি চোৱাৰো প্ৰয়োজনীয়তা আহি পৰিছে।

        অৱশ্যে আমি  সকলোৱে এটা কথা ইতিমধ্যেই বুজি উঠিছো মে  উঠি অহা প্ৰজন্মটোৰ ক্ষেত্ৰত এনে অধ্যয়ণবিমুখীতাৰ প্ৰধান কাৰণটোৱেই হৈছে সময়ৰ তাগিদা।ক'ভিডকালীন পৰিৱেশে আমাৰ মাজত এনে কিছু সমস্যাৰ উদ্ভৱ কৰোৱালে যে মানুহৰ মনবোৰেই ধনাত্মক কথাবোৰৰ বিপৰীত দিশে পৰিচালিত হ'বলৈ ধৰিছিল, ছাত্ৰ-ছাত্ৰীসকল আঁতৰি থাকিব লগা হৈছিল বিদ‌্যালয়, বিশ্ববিদ্যালয় সমূহৰ পৰা ,মানুহ আঁতৰি থাকিব লগা হৈছিল মানুহৰ সংস্পৰ্শৰ পৰা।কেৱল মাত্ৰ কৃত্ৰিম এখন পৃথিৱীত মানুহ হৈ জীয়াই থকাৰ তাড়নাত পাৰ কৰিছিল সময়। এনে পৰিপ্ৰেক্ষিতত মনবোৰ উদাস হৈ পৰাটো  স্বাভাৱিক আছিল। এতিয়া পিছে

সমাজ আগুৱাই গৈছে,খোজত খোজ মিলাই আমি আগুৱাই যাব লগা হৈছে। ব্যস্ততাৰ ধামখুমীয়াত উটি আজিৰ মানুহে পাহৰি গৈছে কথা ক'বলৈ,কথা শুনিবলৈ। কেৱলমাত্ৰ নিজক কেন্দ্ৰ কৰি ঘূৰি থকা এটা বৃত্তৰ পিছে পিছে ঘূৰি ঘূৰি আজিৰ মানুহে হেৰুৱাইছে নিজক।আজিৰ মানুহৰ সময়ৰ অভাৱ নিজক জীয়াই তুলিবলৈও। এইক্ষেত্ৰত ব্যতিক্ৰম নহয় আজিৰ প্ৰজন্ম‌ও,হাততে পোৱা গুগলত নোচোৱাকৈ কিতাপ মেলি তথ্য বিচাৰিব তেওঁলোকে নাজানে।নুবুজে কিতাপ পঢ়াৰ মাদকতা।জীৱনৰ বাটত আগুৱাই গৈ থাকোতে তেওঁলোকে কোনোদিনে ৰৈ পোৱা নাই এখনি কিতাপৰ কাহিনীৰ আঁৰত,শুনি পোৱা নাই এটি কাল্পনিক চৰিত্ৰৰ বুকুৰ বেথা!

           সঁচাকৈয়ে তেওঁলোকৰ ভৱিষ্যতটো বৰ জটিলকৈ দেখা পাওঁ। কোন দিশে ,কিয় গৈ আছে তেওঁলোক জ্ঞাত নহয়, মাথোঁ গৈ আছে।মাজে মাজে ভাৱ হয় এটা ভয়ংকৰ ভৱিষ্যতৰ সাক্ষী হ'বলৈ আমিও গৈ থকা নাইতো !এটা কথা মই ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ কিতাপ নপঢ়িলে মানুহৰ চিন্তা, আদৰ্শ‌ই পূৰ্ণতা লাভ কৰিব নোৱাৰে,কিতাপ পঢ়িলেহে জীৱনটোৰ প্ৰকৃত উপলব্ধি কৰিব পাৰি,জীৱনটোক সূক্ষ্মভাৱে অনুধাৱন কৰিব পাৰি৷আৰু আজিৰ প্ৰজন্মৰ ক্ষেত্ৰত এই বিষয়বোৰৰ যথেষ্ট অভাৱ হোৱা দেখা যায়। পাঠ্যক্ৰমৰ কিতাপকেইখনৰ বাহিৰে বাহিৰা কিতাপৰ চৰ্চা নহয় তেওঁলোকৰ মাজত—! দেখাত সাধাৰণ যেন লগা এই কথাবোৰেই ভৱিষ্যত প্ৰজন্মৰ বাবে হয়তো বহু সমস্যা কঢ়িয়াই আনিব। নৱপ্ৰজন্মৰ বাবে কিতাপ অধ্যয়ণৰ প্ৰয়োজনীয়তা কিমান সেই সম্পৰ্কে চৰ্চা হোৱাৰ এই সময়ত অতিকে প্ৰাসংগিক হৈ পৰিছে, যাতে জীৱনৰ ওখোৰা-মোখোৰাত আঁত হেৰুৱাই বিচলিত হোৱাৰ আগতেই তেওঁলোকে নিজকে সামৰাৰ বাবে সক্ষম হৈ উঠিব পাৰে,আৰু এই সকলোবোৰৰ বাবে প্ৰয়োজনীয় বিষয়টোৱেই হৈছে জীৱন উপলব্ধি আৰু এই বিষয়ত কিতাপৰ বাহিৰে অন্য কোনোৱেই আমাক সুস্থিৰ আৰু সবল কৰি তুলিব নোৱাৰে।গতিকে সাম্প্ৰতিক প্ৰেক্ষাপটত এই সকলোবোৰ কথা আজিৰ প্ৰজন্মটোৱে অনুধাৱন কৰি নিজকে এই বিষয়বোৰৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ সময় আহি পৰিছে।লগতে প্ৰয়োজন হৈছে অভিভাৱক সকলৰ দায়িত্ব আৰু সচেতনতাৰো,প্ৰয়োজন হৈছে এই বিষয়বোৰৰ ওপৰত বিস্তৃত ভাৱে কিছু আলোচনাৰ,যাতে নতুন কিছু পথৰ সন্ধান আমি পাওঁ।

প্ৰকাশ পালে শব্দ-সাঁকোৰ দ্বিতীয় বৰ্ষৰ ষষ্ঠ সংখ্যাটি। আলোচনীখন পঢ়িবলৈ তলৰ Download লিংকত ক্লিক কৰক-




আলোচনীখন পঢ়ি কেনে পালে আমাক জনাবলৈ নাপাহৰিব যদি ভাল পালে আনকো পঢ়িবলৈ শ্বেয়াৰ কৰি দিব ।